অসম

মেৰাপানীত বগা হাতীত পৰিণত জল জীৱন আঁচনি...

Asomiya Pratidin

ডিজিটেল সংবাদ, মেৰাপানীঃ হৰ ঘৰ নল, ঘৰ ঘৰ জল" - লোকসভা নিৰ্বাচনৰ আগলৈকে গেৰান্টীসহ ঘৰৰ প্ৰতিজন ব্যক্তিয়ে ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি য'তে ত'তে আঁৰি থোৱা বৃহৎ বৃহৎ হৰ্ডিং বোৰ নাইকীয়া হোৱাৰ দৰেই বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ জল জীৱন মিচনৰ জৰিয়তে নিৰ্মাণ কৰা আঁচনি সমূহো পৰিণত হৈছে বগা হাতীত।

ঠিক সেইদৰে মেৰাপানী অঞ্চলত উদ্বোধন নৌহওঁতেই বন্ধ হৈ পৰিছে এখনৰ পাছত এখনকৈ কোটি টকীয়া জল জীৱন আঁচনি। পানী যোগান আঁচনিৰ নামত ঠিকাদাৰৰ লুন্ঠন আৰু বিভাগৰ কমিচনৰ বাদে কোনো সুফল লাভ কৰা নাই সাধাৰণ ৰাইজে। উল্লেখ্য যে, হাতীগড় মাটিখোলা ২ নং বৰজানত এই অনিয়মৰ তথ্য পোহৰলৈ আহিছে। প্ৰায় দুটা বছৰৰ আগতেই এম পি আগৰৱালা নামৰ ঠিকাদাৰ জনে নিৰ্মাণৰ দ্বায়িত্ব লৈছিল এইখন পানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম।

নিৰ্মাণ সম্পুৰ্ণ হোৱাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ অথবা মন্ত্ৰী বিধায়কে উদ্বোধন নকৰাকৈয়ে কিছুদিন পানী দিয়াৰ পাছতেই কেইবা ঠাইতো পানীৰ পাইপ ফাটি বিকল হৈ পৰে আঁচনিখন। গাওঁখনৰ প্ৰায় চাৰি শতাধিক লোকে এই পানী যোগান আঁচনিৰ পৰা পানীৰ সুবিধা লাভ কৰিছিল যদিও ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা ফলত হঠাৎ বন্ধ হৈ পৰে পানী যোগান। এইক্ষেত্ৰত স্থানীয় ৰাইজে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰেই এই পানী যোগান আঁচনিটো কাৰ্যক্ষম কৰি দিবৰ বাবে আহ্বান জনাইছে।