অসম

জামুগুৰিহাটৰ অখণ্ড হৰি কীৰ্তন সমাৰোহত বিধায়ক পদ্ম হাজৰিকা

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বালিজুৰি ভানুপুৰ শিৱ মন্দিৰ প্ৰাংগনত ২২ নবেম্বৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে অহোৰাত্ৰ অখণ্ড হৰি কীৰ্তন সমাৰোহ ৷ উত্তৰ জামুগুৰি হৰি কীৰ্তন সমিতিৰ উদ্যোগত আয়োজিত অহোৰাত্ৰ অখণ্ড হৰিকীৰ্তন সমাৰোহত বৃহস্পতিবাৰৰ পুৱাৰ পৰাই‌ শুক্ৰবাৰ পুৱা লৈকে প্ৰায় ৬০ টা কীৰ্তন সংঘৰ দলে অংশগ্ৰহণ কৰি “ হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে” আকাশ বতাহ মুখৰিত কৰে ।

অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ধৰ্মপ্ৰাণ ৰাইজক উদ্দ্যেশি তত্ত্ব গধুৰ মন্তব্য আগবঢ়ায় ৷ এই বৰ্ষত বালিজুৰি ভানুপুৰত উদযাপন সমিতিয়ে এক ব্যতিক্ৰমী ৰূপত সজাই তুলিছে কীৰ্তন মহোৎসৱৰ মূল প্ৰৱেশ দ্বাৰ। ভাৰতবৰ্ষই ইতিহাস ৰচিবলৈ সক্ষম হোৱা চন্দ্ৰযান ৩ ৰ আৰ্হিত নিৰ্মাণ কৰা অখণ্ড হৰি কীৰ্তন মহোৎসৱৰ মূল প্ৰৱেশ দ্বাৰে বিশেষ ভাবে আকৰ্ষণ কৰিছে ভক্তপ্ৰাণ ৰাইজক।

বিধায়ক গৰাকীক সংগ দিয়ে জামুগুৰি ক্ৰিয়া সন্থাৰ সভাপতি গৌতম লাহন, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, জেষ্ঠ সমাজকৰ্মী ধনপতি কাফলে, ভক্ত গুৰং, প্ৰবিন দাস প্ৰমূখ্যে কৰি বহুকেইজন গন্য মান্য ব্যক্তিয়ে ।