অসম

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোনিতপুৰ জিলা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰথম কাৰ্যসুচী সোমবাৰে আৰম্ভ হয় ৷ ভাওনা থলী পকামুৰা পথাৰৰ পৰা চাৰি কি:মি: নিলগৰ বৰভগীয়া গাঁৱৰ নাম ঘৰৰ পৰা গুণমালা লৈ বিশাল সংস্কৃতিক শোভাযাত্ৰাৰে গুনমালা ভাগ লৈ আনি মূল মণ্ডপত স্থাপন কৰা হয় ৷

বিশাল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ এই শোভাযাত্ৰা আহি পকামূৰা পথাৰত উপস্থিত হোৱাৰ পিচত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে গুনমালা মূল মণ্ডপত প্ৰতিষ্ঠা কৰে ধৰ্মপ্ৰান ৰাইজে ৷

সম্প্ৰতি ভাওনা স্হলী পকামুৰা পথাৰ লোকে লোকাৰন্য হৈ পৰিছে৷কিচু সময়ৰ পিচতে বাৰেচহৰীয়া ভাওনাৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি শোনিতপুৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই৷