অসম

কাজি নেমুৰ খেতিৰে ১৫ লাখ উপাৰ্জন! কৃষিত আত্মনিয়োগ জামুগুৰিহাটৰ যুৱ কৃষক চত্ৰ বছনেটৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ যি সময়ত অসমৰ এচাম নিবনুৱা যুৱকে কৰ্ম সংস্থাপন বিছাৰি মাদ্ৰাজ,তামিলনাডু,কেৰেলা আদি বহিৰাজ্য সমূহলৈ ঢাপলি মেলিছে সেই সময়তে জামুগুৰিহাটৰ এচাম যুৱকে নিজৰ ঘৰতে থাকি পৰিত্যক্ত ভূমিত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈ পৰিয়াল ভৰনপোষন পথ মুকলি কৰি লৈছে৷ এনে এগৰাকী শিক্ষিত যুৱক জামুগুৰিহাটৰ ২নং বৰদিকৰাই গাঁৱৰ ছত্ৰ বচনেট৷

এই গৰাকী নিৱনুৱাই জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ খনবস্তিত তিনি বছৰ ধৰি নেমুখেতিত আত্মনিয়োগ কৰিছে৷ ইতিমধ্যে চত্ৰ বচনেটে ৰোপন কৰা ২০০ জোপা কাজি নেমুৰ প্ৰতি জোপাৰ পৰা ১০০০ টাকৈ নেমু উৎপাদন হৈছে৷

এই হিচাবত যুৱ কৃষক গৰাকীয়ে ২০০ জোপা নেমু গছৰ পৰা ২০০০০০ (দুই লাখ) নেমু উৎপাদন কৰিবলৈ সক্ষম হৈছে নিজৰ বালিময় কৃষি ভূমি সমূহৰ তিনি বিঘা মাটিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰেই কৰিছে কাজি নেমুৰ খেতি৷ তিনি বছৰ পূৰ্ব্বে যুৱ কৃষক গৰাকীয়ে খকনবস্তি গাৱৰ নিজৰ মাটিত ৰোপন কৰা কাজি নেমুৰ পুলি সমূহ এতিয়া একোজোপা দাঙৰ গছ হৈ ফল দিছে হেজাৰ হেজাৰ কাজি নেমু ৷

যি সমূহৰ প্ৰতিটো নেমু পাচ টকা মূল্যত বিক্ৰী কৰি এজোপা গছৰ পৰাই লাভ কৰিছে পাঁচ হেজাৰ কৈ টকা৷ এনে দৰে নিজৰ ভূমিত ৰোপন কৰা তিনিশ জোপা নেমু গছৰ পৰা উৎপাদন হোৱা একহেজাকৈ নেমু বিক্ৰী কৰি কৃষক গৰাকীয়ে বছৰি পোন্ধৰ লাখকৈ টকা উপাৰ্জন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে যুব কৃষক চত্ৰ বচনেটে।