অসম

জামুগুৰিহাটৰ ফুটবল খেল প্ৰতিযোগীতাত বিধায়ক পদ্ম হাজৰিকা

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল বৰমতা মিলন যুৱক সংঘৰ উদ্যোগত আয়োজিত প্ৰাইজমাণী ফুটৱল খেল প্ৰতিযোগীতাৰ দেওবাৰে সামৰণি পৰে। জয়সিদ্ধি ফুটৱল ক্লাৱ আৰু চেঙামাৰী ফুটৱল ক্লাৱৰ মাজত অনুষ্ঠিত ফাইনেল খেল খন আজি শুভ উদ্ধোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷

তীব্ৰ উত্তেজনামূলক ফাইনেল খেল খনিত প্ৰতিণ্ডিতা কৰা জয়সিদ্ধি ফুটৱল ক্লাৱে চেঙামাৰী ফুটৱল ক্লাৱক ২-১ গলৰ ব্যৱধান পৰাজিত কৰি চুড়ান্ত বিজয়ী সন্মান লাভ কৰে ৷ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি চুড়ান্ত বিজয়ী দল জয়সিদ্ধি ফুটৱল ক্লাৱক আকৰ্শনীয় ট্ৰফী ও ১৮,০০০(ওঠৰ হেজাৰ) টকা নগদ ধন প্ৰদান কৰে জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহনে। লগতে বিজেতা দল চেঙামাৰী ফুটৱল ক্লাৱক ট্ৰফীৰ লগতে ১০,০০০ (দহ হেজাৰ) টকা নগদ ধন প্ৰদান কৰে মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে৷ অনুষ্ঠানটিত নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙ আৰু দক্ষিন মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিলীপ সেনাপতিৰ লগতে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে৷