ROAD ACCIDENT  
অসম

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল ভাতৃ-ভগ্নীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙৰ উৎসৱ হোলীৰ আনন্দ-উল্লাসৰ মাজতে ৰঙাপৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় ককায়েক-ভনীয়েক আৰু আহত হয় এজন কিশোৰ ৷

পথ দুৰ্ঘটনাত নিহত হোৱা দুজন অমিৰ কানাহাৰ(জ্যেষ্ঠ ভাতৃ) আৰু মইনী ভুমিজ(ভগ্নী) বুলি চিনাক্ত হৈছে। আনহাতে মইনী ভুমিজৰ কিশোৰ পুত্ৰ বিকাশ ভুমিজ গুৰুত্বভাৱে আহত হয় ৷

আহত কিশোৰটিক সংকটজনক অৱস্থাত চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে AS-12-Q-9974 নম্বৰৰ মটৰচাইকেলেৰে নিজ ঘৰলৈ গৈ থকা অৱস্থাত ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাৰ কলঘৰৰ ওচৰত AS -12 -AC -1891 নম্বৰৰ বলেৰ পিক আপ গাড়ীখনে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটি ৷

পথ দুৰ্ঘটনাত নিহত অমিৰ কানাহাৰ ঘৰ সোনাজুলি গ্ৰান্টৰ ১০ নম্বৰ লাইনত আৰু মইনী ভুমিজৰ ঘৰ অৰুণাচল প্ৰদেশৰ চেপ্পাত ৷ আমিৰ কনাহাৰ নামৰ যুৱকজনে অৰুনাচলৰ চেপ্পাৰ পৰা অহা ভগ্নী ও ভাগিনয়েকক বাইকত উঠাই লৈ ৰঙাপাৰা চহৰৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনা সংঘটিত হয়।