অসম

জামুগুৰিহাটৰ অৰুনাচল সীমান্তত ৭জনীয়া অস্ত্ৰধাৰী যুৱকৰ প্ৰৱেশ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত চাঞ্চল্য। অসম- অৰুনাচল সীমান্তত ৭জনীয়া অস্ত্ৰধাৰী যুৱক গাঁৱত প্ৰৱেশ কৰা দেখি শংকিত হৈ পৰিছে অঞ্চলটোবাসী ৷ জানিব পৰা মতে এখন মাৰুতী ভেনৰ পৰা অস্ত্ৰধাৰী যুৱককেইজনক আহি নমা প্ৰত্যক্ষ কৰে ৰাইজে ৷

এই ঘটনা সন্দৰ্ভত গাঁওৰক্ষী বাহানীৰ সম্পাদক ৰঘু বৰাই লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খবৰৰ ভিত্তিত অস্ত্ৰধাৰী যুৱকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। দিনে নিশাই বৃহৎ আৰক্ষীৰ দলে অঞ্চলটোত তহল দি আছে যদিও বৰ্তমানলৈকে অস্ত্ৰধাৰী যুৱক তথা উগ্ৰপন্থীৰ কোনো সন্ধান লাভ কৰা নাই৷ ৭ জনকৈ উগ্ৰপন্থী সদস্যই হাতত মৰনাস্ত্ৰ লৈ অঞ্চলটোত আশ্ৰয় গ্ৰহন কৰাৰ কথা জানিব পাৰি গনেশপুৰ,লক্ষীপথাৰ, নয়নপুৰ আৰু কৰৈটাপুবাসীৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিৱেশ ।