অসম

জামুগুৰিহাটত চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ শান্তিপুৰত সংঘটিত হৈছে চুৰিকাণ্ড।ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ফণীন্দ্ৰ বৰা নামৰ লোকজনৰ ঘৰৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ নগতে নগদ ধন।

গৃহস্থই অসুখ দেখুৱাবলৈ বুলি তেজপুৰলৈ যোৱাৰ সময়তে চোৰে লুটপাত সংঘটিত কৰে যদিও নিশাৰ ভাগতহে গৃহস্থ ঘৰলৈ আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে। ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰাম্ভ কৰিছে।