অসম

জামুগুৰিহাটৰ দৰিদ্ৰ যুৱকক ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দৰিদ্ৰতাক নেওছি কেনেদৰে সফলতা লাভ কৰিব পাৰি তাৰে এক নিদৰ্শন দেখুৱালে জামুগুৰিহাটৰ ইটাখোলাৰ নবপুৰৰ এজন যুৱকে ৷ যুৱকজনৰ পিতৃয়ে এখন সাধাৰণ চাইকেল দোকান দি পোৱা কেইটিমান টকাৰে পৰিয়াল পোহপাল দি আহিছিল ৷

পিতৃক কৰ্মত সহায় কৰি দুৱেলা দুমুঠি আহাৰ যোগাৰ কৰি অহা ৰোহন কুমাৰ ছনিৰ মুখত এতিয়া হাঁহি ৷ কিয়নো ৰোহন কুমাৰ ছনিয়ে লাভ কৰিছে এটি চৰকাৰী চাকৰী ৷ যোৱা ২৮ আগষ্টত অসমৰ প্ৰাক্তন মgখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰোজগাৰ মেলাত ইটাখোলাৰ এইগৰাকী দৰিদ্ৰ যুৱকক আছাম ৰাইফলচৰ জোৱান হিচাপে নিযুক্তি দিয়ে ৷

এই নিযুক্তিত আনন্দ প্ৰকাশ কৰি স্থানীয় বিভিন্ন দল সংগঠন ব্যক্তি বিশেষে দৰিদ্ৰ যুৱক গৰাকীৰ বাসগৃহত উপস্থিত হৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে ৷