বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ কেইবাজনৰো মৃত্যু, আক্ৰান্তৰ অধিকাংশই শিশু, কিশোৰ...  
অসম

বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ কেইবাজনৰো মৃত্যু, আক্ৰান্তৰ অধিকাংশই শিশু, কিশোৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্ৰায় কেইখন জিলাতে বানপানীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ কিছু উন্নত হৈছে যদিও এই বানপীড়িত অঞ্চলৰ উপৰিও দাঁতি কাষৰীয়া অঞ্চলসমূহত এতিয়া পুনৰ বিপদ হৈ দেখা দিছে বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱে। বিশষকৈ কেইবাখনো জিলাত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ। অতি লক্ষ্যণীয় কথাটো হ'ল এইবাৰ এই ৰোগত আক্ৰান্তৰ অধিকাংশই শিশু আৰু কিশোৰ, কিশোৰী।

ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ শিশু, কিশোৰীকে ধৰি কেইবাজনৰো মৃত্যু হৈছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে এই ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীৰ ঠায়ে ঠায়ে সুৰক্ষামূলক ব্যৱস্থাৰ অংশ হিচাপে ফগিঙৰ ব্যৱস্থা কৰিছে যদিও ৰাজ্যৰ আন বান পীড়িত অঞ্চল তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত এই ব্যৱস্থা গ্ৰহণ কৰা নাই।

আমাৰ হাতত পৰা তথ্য অনুসৰি আজি জি এম চি এইছত চিকিৎসাধীন অৱস্থাতে ৫ বছৰীয়া শিশু শুভি বৈশ্যৰ মৃত্যু হয়। বিগত এটা সপ্তাহে জি এম চি এইছত এইগৰাকী কণমানি চিকিৎসাধীন হৈ আছিল। ইফালে নগাওঁ জিলাতো এগৰাকী ৭০ বছৰীয়া বৃদ্ধা এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। জানিব পৰা মতে জিলাখনৰ চকলাঘাটৰ মৌৰামচুৰ পুহিতা বৰা নামৰ বৃদ্ধাগৰাকীৰ ৪ দিন পূৰ্বে জি এম চি এইছত মৃত্যু হৈছে। এই মহিলাগৰাকীক প্ৰথমে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত জি এম চি এইছলৈ স্থানান্তৰ কৰা হৈছিল আৰু তাতেই তেওঁ মৃত্যুক সাৱটি লয়।

একেদৰে লখিমপুৰ জিলাত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৪৭ জনকৈ লোক। ইয়াৰে ৭ জনকেই জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাতো নিশ্চিত কৰা হৈছে। এই ৭ জনৰ ভিতৰত ৫ জন সুস্থ হৈ স্বগৃহলৈ উভতি গৈছে যদিও এতিয়াও ২ টি শিশু আক্ৰান্ত হৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

শিৱসাগৰ জিলাতো এই ৰোগত বহু কেইজন আক্ৰান্ত হৈছে। আমাৰ হাতত পৰা তথ্য অনুসৰি জিলাখনত এই পৰ্যন্ত ২৫ জনৰো অধিক লোক জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ১৪ জনৰ দেহত এই ৰোগৰ অৱস্থিতিত নিশ্চিত কৰা হৈছে। জিলাখনত এই পৰ্যন্ত ৩ জনে এই ৰোগত প্ৰাণ হেৰুৱাইছে।

নলবাৰী জিলাতো এটি শিশু এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। জিলাখনৰ নমাতি গাওঁৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত গকুল দাস আৰু অনিতা দাসৰ একমাত্ৰ পুত্ৰ ৮ বছৰীয়া দৰ্পণজ্যোতি দাসৰ জি এম ছি এইছত মৃত্যু হৈছে।

জানিব পৰা মতে যোৱা ২ জুলাইত সাধাৰণ জ্বৰত আক্ৰান্ত দৰ্পণক প্ৰথমে নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত কিছু সুস্থ হোৱাত স্বগৃহলৈ লৈ গৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ অসুস্থ হৈ উঠে দৰ্পণ। পাছত পুনৰ হাস্পতালত ভৰ্তি কৰাত তেওঁৰ চিকিৎসকে পৰীক্ষা কৰি দেহত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ সন্দেহ কৰে। ইয়াৰ পিছতে জি এম চি এইছত দৰ্পণক ভৰ্তি কৰোৱা হয় যদিও ১০ জুলাইত চিকিৎসালয়খনতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

ইফালে বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজ, অসম মেডিকেল কলেজ, লখিমপুৰ মেডিকেল কলেজ হাস্পতালত বহু কেইজন জাপানীজ এনেকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ লগতে বহু কেইজনৰ দেহত এই ৰোগৰ লক্ষ্যণে দেখা দিছে। এনে পৰিস্থিতিৰ পাছতো ৰাজ্যৰ স্বাস্থ্য বিভাগে জনসজাগতা বৃদ্ধিৰ বাবে কাৰ্যকৰী পন্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই।

কেৱল সামাজিক মাধ্যমত 'মাই গভ অসম'ৰ ফালৰ পৰা জুলাই-আগষ্ট মাহ জাপানীজ এনেকেফেলাইটিছ উচ্চহাৰত সংক্ৰমণ হোৱাৰ মাহ বুলি উল্লেখ কৰি ইয়াৰ পৰা কেনেদৰে সাৱধানতা অৱলম্বন কৰি লাগে সেই সম্পৰ্কে কেতবোৰ পৰামৰ্শ প্ৰচাৰ কৰিছে।

স্বাস্থ্য জনিত পৰামৰ্শৰ বাবে ১০৪ আৰু এম্বুলেঞ্চ সেৱাৰ বাবে ১০৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কিন্তু বানপানীত প্ৰভাৱিত অঞ্চলৰ লোকে সামাজিক মাধ্যমত প্ৰচাৰ কৰা এই সজগতামূলক পোষ্টৰ জৰিয়তে কিমান উপকৃত হ'ব সেয়া প্ৰশ্নৰ বিষয়।

ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত এনে ৰোগ বা এনে ৰোগৰ লক্ষ্যণে দেখা দিয়া বহু লোক চিকিৎসাধীন হৈ আছে যদিও এতিয়াও ফগিঙকে ধৰি অন্যান্য সুৰক্ষামূলক ব্যৱস্থা বহু ঠাইতে লোৱা হোৱা নাই। এনে পৰিস্থিতিত ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰিস্থিতি আৰু অধিক জটিল নহওঁতেই শীঘ্ৰেই সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে।