অসম

গোলাঘাটত বৰ্ণাঢ্য আয়োজন: সম্বৰ্ধনাৰে ওপচালে প্ৰতিদিন সম্পাদক জয়ন্ত বৰুৱাক...

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেওবাৰে সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক গোলাঘাটত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দেৱৰাজ ৰয় মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত তেওঁক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। অসম জাতিয়তাবাদী যুৱছাত্র পৰিষদ, গোলাঘাট শাখা সাহিত্য সভা, সাংবাদিক সংস্থাৰ, গোলাঘাটত মিডিয়া ফ’ৰামকে ধৰি ৫০ টাতকৈও অধিক সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে জয়ন্ত বৰুৱাদেৱক।

হেমকোষৰ ব্রেইলী সংস্কৰণে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰি অসমীয়া ভাষাক সুকীয়া মৰ্যাদা প্রদান কৰাৰ বাবে এই কৰ্মৰাজিৰ আঁৰৰ ব্যক্তি সাদিন-প্রতিদিন গোষ্ঠীৰ স্বতাধিকাৰ গৰাকীলৈ এই সন্মান বিভিন্ন অনুষ্ঠানৰ। সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে গোলাঘাট নগৰৰ মাজমজিয়াত থকা ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ প্রতিমূৰ্তিত বন্তি প্রজ্বলন কৰে জয়ন্ত বৰুৱাই। প্ৰতিকূল বতৰকো নেওচি বহু নেতা-কৰ্মী, জ্যেষ্ঠ লোক উক্ত অনুষ্ঠানত উপস্থিত থাকে।