অসম

ভূপেন বৰা পলিটিকেল জোকাৰ, তেওঁ কৌতুক কৰিব আৰু আপোনালোকে আনন্দ লৈ থাককঃ জয়ন্ত মল্ল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ 'ভূপেন বৰা হ’ল অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জোকাৰ ’- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বুধবাৰে সাংবাদিকৰ আগত কয় যে ৰাজনৈতিক জোকাৰ বুলি যে কয় সেইটোৱে হ’ল ভূপেন বৰা। তেওঁ এজন জোকাৰ হিচাপে ভাল ৰস দি থাকে। চাৰ্কাচত যেনেকৈ জোকাৰজন ওলালে সকলোৱে হাত চাপৰি মাৰে- ভাল লাগে, স্ফূৰ্তি লাগে। কিন্তু জোকাৰজন চাৰ্কাচৰ মেইন মানুহ নহয়।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে চাৰ্কাচৰ মেইন মানুহজন বেলেগ থাকে, কিন্তু ভূপেন বৰা চাৰ্কাচৰ মেইন মানুহ কেতিয়াও হ’ব নোৱাৰে। ভূপেন বৰা আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাক পলিটিকেল জোকাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে পলিটিকেল জোকাৰ হিচাপে তেওঁ কৌতুক কৰি থাকিব, আপোনালোকে আনন্দ কৰি থাকিব, আমিও আনন্দ লৈ থাকিম।

কিমান দিনলৈকে কংগ্ৰেছ এনেদৰে থাকিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে জোকাৰৰ নেতৃত্ব যিমান দিন থাকিব, তেতিয়ালৈকে কংগ্ৰেছ এনেকৈয়ে চলিব। তেওঁ আৰু কয় যে যিদিনাখন নেতৃত্ব ল’ব পৰা মানুহ ওলাব, তেতিয়া বেলেগ কথা। আজিৰ তাৰিখত এজন জোকাৰে চাৰ্কাচখন অৰ্থাৎ কংগ্ৰেছ দলটো চলাই আছে বুলি ভূপেন বৰাক মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে। চাৰ্কাচখনতো জোকাৰৰ ওপৰত নচলে, জোকাৰৰ ওপৰত মানুহে আনন্দ লয়, ৰস লয় বুলি কয় মন্ত্ৰীগৰাকীয়ে।