অসম

বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ শৌচাগাৰৰ টেংকীত পেলাই দিছে: জয়ন্ত মল্ল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিজয় উৎসৱৰ বাবে ভূপেন বৰাই যোৱাকালিয়ে আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে। নাচিবলৈ অনা বিহুদল দুটিয়ে মাননী বিচাৰি ৰাজীৱ ভৱনত হাহাকাৰ লগাইছে- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।

সামাজিক মাধ্যমত এনে ধৰণৰ পোষ্ট কৰি কংগ্ৰেছক ঠাট্টা-মস্কৰা কৰিছে শাসকীয় দলৰ মন্ত্ৰীগৰাকীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ এই কাণ্ডক অস্বাভাৱিক উদযাপনৰ ৰণনীতি বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।

বৰ্তমান চলি থকা ভোট গণনাত ৩ খন ৰাজ্যতে বিজেপি আগবাঢ়ি আছে। ছত্তিশগড়ত বিজেপিয়ে শাসনাধিষ্ঠিত কংগ্ৰেছতকৈ আগবাঢ়ি যোৱা দেখা গৈছে। সংখ্যাগৰিষ্ঠতাৰ ঘৰ অতিক্ৰম কৰিছে বিজেপিয়ে। আনহাতে কংগ্ৰেছৰ হাতত থকা এতিয়া ৰাজস্থানো এতিয়া বিজেপিৰ দখললৈ যোৱাৰ দিশত । ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

লগতে সকলোৱে মিজোৰাম নিৰ্বাচনৰ ফলাফলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যখনত দেওবাৰে পালন কৰা প্ৰাৰ্থনাৰ প্ৰতি সন্মান জনাই ৪ ডিচেম্বৰত ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে। কাইলৈ ওলাই পৰিব মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল।