অসম

ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে জীপাল কৃষক শ্ৰমিক সংঘৰ অৱৰোধ কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতৰ ৰঙাগড়াত ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে সৰৱ জীপাল কৃষক শ্ৰমিক সংঘ। ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ পাইপ লাইন সংস্থাপনত বাধা প্ৰদান কৰে জীপাল কৃষক শ্ৰমিক সংঘই ।

জানিব পৰা মতে, ক্ষতিগ্ৰস্থলোকসকলক উচিত ক্ষতিপূৰণ আদায় নিদিয়াকৈ কৃষিপথাৰত গেছ পৰিবাহী পাইপ সংস্থাপনৰ অভিযোগ একাংশ ৰাইজৰ। কৃষকৰ অনুমতি অবিহনেই কৃষিপথাৰত প্ৰতিষ্ঠানটোৱে গেছ পৰিবাহী পাইপ স্থাপন কৰাৰ অভিযোগ ।

উল্লেখ্য যে, জীপাল কৃষক শ্ৰমিক সংঘক উপেক্ষা কৰি ক্ষতিগ্ৰস্থ একাংশ কৃষক পৰিয়ালৰ মাজত ক্ষতিপূৰণ লৈ বিভাজনৰ ৰাজনীতি কৰাৰ অভিযোগ ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে। ক্ষতিপূৰণ সন্দৰ্ভত বিষয়টো নিস্পত্তি নোহোৱা পৰ্যন্ত প্ৰতিষ্ঠানটোৰ পাইপ সংস্থাপনৰ কাম বন্ধ কৰাৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ।