অসম

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা সন্দৰ্ভত বড়ো জাতীয় দল-সংগঠনৰ যৌথ সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,ওদালগুৰি: সমষ্টি পুনঃ নিৰ্ধাৰণ খচৰাত নাই ওদালগুৰি লোকসভা সমষ্টি। ওদালগুৰিত বড়ো জাতীয় দল-সংগঠনৰ যৌথ সভা। ওদালগুৰি জিলা এবছু কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় এক বৈঠক।

সমষ্টি পুনঃ নিৰ্ধাৰণ খচৰা সন্দৰ্ভত মানি নোলোৱাৰ হুংকাৰ বড়ো জাতীয় দল-সংগঠনৰ। বিটিআৰ অঞ্চলত দুটাকৈ লোকসভা সমষ্টি গঠনৰ দাবী জনাই দল-সংগঠনে।

উক্ত বৈঠকত গঠন কৰে ওদালগুৰি লোকসভা সমষ্টি দাবী সমন্বয় সমিতি নামে এক সমিতি। খচৰাত ওদালগুৰি লোকসভা সমষ্টি নথকাক লৈ বড়ো জাতীয় দল-সংগঠনে আন্দোলন কৰাৰ ঘোষণা কৰে।

ঘোষণা অনুসৰি অহা ২৮ জুনত অনুষ্ঠিত হ'ব তামুলপুৰ,ভেৰগাওঁ, ওদালগুৰিত ধৰ্ণা কাৰ্যসূচী। আনহাতে ৩ জুলাইত গোৰেশ্বৰ, তামুলপুৰ,ভেৰগাওঁ, টংলা, ওদালগুৰি, আৰু মাজবাটত অনুষ্ঠিত হ'ব ধৰ্ণা কাৰ্যসূচী।

আনহাতে বৈঠকত উল্লেখ কৰে যে, অহা ১১ জুলাইত নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিব স্মাৰক পত্ৰ। লগতে ২১-২২ জুলাইত নিৰ্বাচন আয়োগৰ বিষয়াক সাক্ষাৎ কৰিব বুলি উক্ত বৈঠকত উল্লেখ কৰে।