dangor khabar  
অসম

জোনাইত চাঞ্চল্যকৰ ঘটনাঃ নিৰুদ্দেশ হৈ আছে এটা পৰিয়ালৰ ৪জন লোক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জোনাইৰ অসম অৰুণাচল সীমান্তৰ এখন গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। অসম অৰুণাচল সীমান্তৰ লেকু গাঁৱৰ একেটা পৰিয়ালৰ পৰা নিৰুদ্দেশ হৈছে চাৰিজনকৈ লোক। ১৯ দিন ধৰি নিৰুদ্দেশ হৈ আছে চাৰিজনকৈ লোক।

জানিব পৰামতে যোৱা ১৪ মাৰ্চ তাৰিখে পুৱাই বেঙ্কলৈ বুলি ওলায় যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰে লোক কেইজন। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে জোনাইৰ লগতে অৰুণাচলৰ বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনোধৰণৰ সম্ভেদ পাবলৈ সক্ষম নহ'ল।

ইফালে ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত অৰুণাচলৰ ৰুকচিন থানাত এজাহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্ত কোনো খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। নিৰুদিষ্ট লোক কেইজন মিৰ্জা বেগম, আচিয়া খাটুন, ইচুফ আলি আৰু মিৰাজ আলি।