ভাৰত জোড়ো ন্যায় যাত্ৰাই অসম এৰাৰ পূৰ্বে আন এক বিপদঃ গৌৰীপুৰ কেম্পত জাননী লৈ উপস্থিত যোৰহাট আৰক্ষী... 
অসম

ভাৰত জোড়ো ন্যায় যাত্ৰাই অসম এৰাৰ পূৰ্বে আন এক বিপদঃ গৌৰীপুৰ কেম্পত জাননী লৈ উপস্থিত যোৰহাট আৰক্ষী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ সময়ছোৱাত যোৰহাটত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গৌৰীপুৰ কেম্পত উপস্থিত হৈছে যোৰহাট আৰক্ষী। আৰক্ষীয়ে এই ন্যায় যাত্ৰাৰ পথ নিৰ্ণয়কাৰী কে বি বাইজুক জাননী জাৰি কৰিছে। কে বি বাইজু এছ পি জিৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া।

উল্লেখ্য যে, ন্যায় যাত্ৰাৰ সময়ত যোৰহাটৰ ৰাজপথত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পাছতে এই সন্দৰ্ভত ন্যায় যাত্ৰা চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি চলোৱাৰ অভিযোগেৰে এক গোচৰ ৰুজু কৰা হৈছিল।

অভিযোগ অনুসৰি যোৰহাট চহৰৰ ভিতৰৰ নিৰ্ধাৰিত পথৰ সলনি আন এটা পথেৰে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ যোৱাৰ ফলত চহৰখনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেয়ে চহৰখনত অনুমোদিত পথৰ পৰিৱৰ্তে আন এটা পথেৰে যোৱাৰ অভিযোগত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰু ইয়াৰ মুখ্য আয়োজকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰিছিল। সেই গোচৰৰ ভিত্তিতে কে বি বাইজুক গৌৰীপুৰ শিবিৰত জাননী জাৰি কৰিলে যোৰহাট আৰক্ষীয়ে।