যোৰহাট

বৰহোলাত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Asomiya Pratidin

ডিজিটেল সংবাদ , ঘিলাধাৰীঃ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ দাবীত বৰহোলা চাৰিআলিত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ছাত্ৰ সন্থাই অসম চৰকাৰক সকীয়নি প্ৰদান কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ তথা নতুন শিক্ষানীতিয়ে আঞ্চলিক ভাষা সমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আহ্বান জনাইছে । তেনে সময়তে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমৰ আঞ্চলিক ভাষাক প্ৰাধান্য নিদি ষষ্ঠ পৰা নৱম শ্ৰেণীলৈকে মাতৃভাষা বিৰোধী যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক ধিক্কাৰ জনাইছে৷

ছাত্ৰ সন্থাই মাতৃভাষা উত্তৰণ,প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে কাম কৰি অনন্ত কাললৈকে মাতৃভাষা জীয়াই থাকে তাৰ কাৰণে কাম কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ কাৰ্যসূচীত তিতাবৰ মহকুমাৰ ছাত্ৰ সন্হাৰ সভাপতি মাধুৰ্য্য পাঠক,বৰহোলা আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি ভাস্কৰজ্যোতি নেঁওগ,সম্পাদক অংকুৰ সোনোৱালৰ লগতে ভালেসংখ্যক ছাত্ৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে৷