যোৰহাট

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ ব্যৰ্থ হোৱা অভিযোগ সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজান : ঠেঙ্গাল কছাৰী স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে ব্যৰ্থতা অভিযোগ তুলি সৰৱ হৈ পৰিছে সদৌ অসম ঠেঙাল কছাৰী সংগঠন। তিতাবৰৰ ধলীস্থিত ঠেঙাল মিউজিয়ামৰ সভাকক্ষত সদৌ অসম ঠেঙাল কছাৰী সংগঠনে সংবাদমেল সম্বোধন কৰি অভিযোগ তোলে।

সংগঠনৰ সাধাৰণ সম্পাদক দেবৰ্ষি মোহন নেওগে ড৹ যোগেশ্বৰ বড়াৰ সদ্য প্ৰকাশিত "চীনৰ পৰা দৈয়াঙলৈ শীৰ্ষক গ্ৰন্থকলৈ সৰৱ হয়। ঠেঙাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ সামাজিক অৱস্থা ঠেঙাল কছাৰী সংগঠনটোক শইকীয়াৰ পৰা কছাৰী হোৱা বহুৰূপী ডেকাক লীজত দি বৈতৰণী পাৰ হোৱাৰ কথা সন্নিবিষ্ট কৰি সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ মৰ্যাদা হানি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তদুপৰি সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ বিষয়-ববীয়াই জাতিৰ স্বাৰ্থতকৈ ব্যক্তি স্বাৰ্থক গুৰুত্ব দিয়া বুলি লেখক ড৹ যোগেশ্বৰ বড়াই অনা অভিযোগ সংগঠনৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে উপস্থিত নেতৃবৃন্দই নস্যাৎ কৰিছে। ড৹ যোগেশ্বৰ বড়াৰ এনে গৰ্হিত প্ৰচেষ্টাক একমুখে সংগঠনৰ, ভাতৃ সংগঠনৰ সকলো বিষয়-ববীয়াই তীব্ৰ নিন্দা কৰি গৰিহণা দিছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে এই সন্দৰ্ভত ৪ জুলাইত সদৌ অসম ঠেঙাল কছাৰী সংগঠনে লেখক গৱেষক ড৹ যোগেশ্বৰ বড়ালৈ আইনী জাননী জাৰি কৰিছিল। কিয়নো ড৹ যোগেশ্বৰ বড়াই তেওঁৰ গ্ৰন্থখনত অনা ঠেঙাল শইকীয়াৰ  পৰা কছাৰী হোৱা নেতাৰ ওপৰত সংগঠনৰ দায়িত্ব দিয়া বুলি উল্লেখ কৰা কথাটো সংগঠনটোৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। লগতে জাতিৰ স্বাৰ্থ বিৰোধী মন্তব্য বুলি সদৌ অসম ঠেঙাল কছাৰী সংগঠনে আজিৰ সংবাদমেলত সদৰী কৰে। 

ইফালে সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ মুখ্য কাৰ্যালয় বিহপুৰীয়াত স্থাপন কৰিবলৈ সংগঠনৰ প্ৰস্তাব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদলৈ কেইবাবাৰো দাখিল কৰাৰ পাছতো আজি পৰ্যন্ত পৰিষদে গুৰুত্ব প্ৰদান নকৰিলে বুলিও সংগঠনৰ নেতৃবৃন্দই অভিযোগ কৰে। বৰ্তমানৰ পৰিষদখনৰ কাম কাজত সদৌ অসম ঠেঙাল কছাৰী সংগঠন একেবাৰেই অসন্তুষ্ট বুলি কোৱাৰ লগতে ব্যৰ্থ পৰিষদ বুলিও দাবী কৰে।

তাৎপৰ্যপূৰ্ণভাবে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ পুঁজিৰে ড৹ যোগেশ্বৰ বড়াৰ বিতৰ্কিত গ্ৰন্থখন প্ৰকাশ কৰাৰ আঁৰত ৰাজনৈতিক চক্ৰান্তৰ গোন্ধ পাইছে সদৌ অসম ঠেঙাল কছাৰী সংগঠনে।   আনহাতে সদৌ অসম ঠেঙাল কছাৰী সংগঠনে বৰ্তমান নতুন কাৰ্যনিৰ্বাহকৰ সভাত ড৹ যোগেশ্বৰ বড়াক উপদেষ্টা মনোনীত নকৰাকৈয়ে তেওঁৰ নামৰ লগত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ উপদেষ্টা পদবীটো ব্যবহাৰ কৰিছে বুলি সংবাদমেলত সংগঠনৰ নেতৃবৃন্দই প্ৰতিবাদ কৰে ।

লগতে উক্ত পদবীটো ভবিষ্যতে ব্যবহাৰ নকৰিবলৈ সকীয়াই দিয়ে। আইনী জাননী পোৱাৰ পিছতো সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ ওচৰত তেওঁৰ বিতৰ্কিত গ্ৰন্থখনৰ বাবে ৰাজহুৱা ক্ষমা খোজাৰ উপৰি গ্ৰন্থখনৰ পৰা সেই বিতৰ্কিত শাৰী কেইটা উঠাই দিব লাগিব বুলি সংবাদমেলত নেতৃবৃন্দই ড৹ যোগেশ্বৰ বড়াক আহবান জনায়।

অন্যথা এইক্ষেত্ৰত সদৌ অসম ঠেঙাল কছাৰী সংগঠন পুনৰ আদালতৰ কাষ চাপিব বুলি মন্তব্য কৰে। সংবাদমেলত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ সভাপতি মাইনা মাধব কছাৰী,সাধাৰণ সম্পাদক দেবৰ্ষি মোহন নেওগ, বটুকৃষ্ণ বৰা, প্ৰফুল্ল বৰা,যতীন বৰা, মানবজ্যোতি হাজৰিকা,গোবিন বৰা, অপূৰ্ব হাজৰিকা, ৰমেন শইকীয়া ,পূৰ্ণ শইকীয়া,মনজিতৰ শইকীয়া, প্ৰগতি নেওগ, অক্ষয় জ্যোতি শইকীয়া, প্ৰশান্ত শইকীয়া,বিশ্ব কছাৰী, বিমল কছাৰী, ৰাজীব শইকীয়া,লক্ষীৰাম ঠেঙাল, ভাৰ্গৱ বৰা, মুনিন বৰা, টংকেশ্বৰ বৰা প্ৰমুখ্যে ৫ খন জিলাৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে ।

ইফালে সদৌ অসম ঠেঙাল কছাৰী সংগঠনে লেখক-গৱেষক ড০ যোগেশ্বৰ বড়া বিৰুদ্ধে উত্থাপন কৰা অভিযোগ কি প্ৰত্যুত্তৰ দিয়ে সেয়া নিশ্চয় লক্ষনীয় হ'ব।