যোৰহাট

সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠনৰ যোৰহাট জিলা সমিতিৰ জাগৰণ সভা

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠন যোৰহাট জিলা সমিতিৰ উদ্যোগত শনিবাৰে বৰহোলাৰ নগাবাট ঠেঙ্গাল গাঁৱৰ শংঙ্কৰজ্যোতি পুথি ভঁৰাল প্ৰেক্ষাগৃহত এখনি জাগৰণ সভা অনুষ্ঠিত হয়। সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠনৰ যোৰহাট জিলাৰ সভাপতি ৰমেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কছাৰী সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠনৰ সভাপতি মাইনা মাধৱ কছাৰী।

ভাষণত তেওঁ কয় যে, অসমৰ ১৪টা জনগোষ্ঠীৰ ভিতৰত ঠেঙ্গাল কছাৰী জনগোষ্ঠীও অন্যতম কিন্তু ভাৰতীয় সংবিধানে কেৱল বড়ো, মিছিং, ৰাভা আৰু কাৰ্বিসকলক ভূমিপুত্ৰৰ স্বীকৃতি প্ৰদান কৰিছে। এই জনগোষ্ঠীসমূহক বৌদ্ধিক, শৈক্ষিক অৰ্থনৈতিক আৰু ৰাজনৈতিক উত্তৰণৰ বাবে চৰকাৰে স্বায়ত্ত শাসন প্ৰদান কৰিছে। ঠেঙ্গাল কছাৰীসকলেও ২০০৫ চনত স্বায়ত্ত শাসন লাভ কৰিলে যদিও ১৯৬৭ চনত সংবিধানৰ পৰা ঠেঙ্গাল জনগোষ্ঠী জনজাতি শব্দটোবিলুপ্ত হয়। গতিকে জনগোষ্ঠীৰ জনজাতি স্বীকৃতিৰ বাবে সকলোৱে এতিয়া ঐক্য হৈ সংগ্ৰাম গঢ়ি তোলাৰ সময় আহি পৰিছে।

আনহাতে সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠন, প্ৰধান সম্পাদক দেৱৰ্ষি মোহন নেওগে কয় যে, ১৯৯০ চনতে সদৌ অসম ঠেঙ্গাল কছাৰী ছাত্ৰ সন্থা গঠন হয়। সংগঠনটোৰ মূল উদ্দেশ্য আছিল জনগোষ্ঠীৰ সংৰ্বাংগীন বিকাশ ঘটোৱাৰ। ১৯৫০চনৰ সংবিধানৰ জনজাতি তালিকাত ঠেঙ্গাল কছাৰীসকলৰ জনজাতি তালিকাভূক্ত আছিল যদিও ১৯৬৭ চনত অজ্ঞাত কাৰণত সংবিধানৰ জনজাতি তালিকাৰ পৰা দুৰ্ভাগ্যজনকভাৱে বিলুপ্তি হয়। ফলত ঠেঙ্গালসকলে স্বায়ত্ত শাসন লাভ কৰিলেও ষষ্ঠ অনুসূচীৰ স্বায়ত্ত শাসন লাভৰ পৰা বঞ্চিত হৈ আহিছে। গতিকে এতিয়া সময় আহিছে সংবিধানত ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ অন্তৰ্ভুক্তৰ বাবে দাবী জনোৱাৰ সংকল্প লোৱাৰ । গতিকে এই মহৎ উদ্দেশ্যৰে সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠনৰ জাগৰণ সভা অনুষ্ঠিত হৈছে।

সাংগঠনিক সম্পাদক মৃদুল মোহন কছাৰীয়ে আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ঠেঙ্গাল কছাৰী স্বায়ত্ত পৰিষদৰ ১ নং নগাবাট সমষ্টিৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীয়ে। ভাষণত তেওঁ জাতিটোৰ উত্তৰণ ক্ষেত্ৰত নিজৰ জনগোষ্ঠীৰ ভাষা সংস্কৃতি সংৰক্ষণ আৰু সংবদ্ধন কৰিলে পৰিচয় ৰক্ষা হ'ব বুলি কয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মণিৰাম কছাৰীয়ে।

আনহাতে ঠেঙ্গাল কছাৰী ছাত্র সন্থাৰ উপদেষ্টা প্ৰফুল্ল শইকীয়াই কয় যে, জাতিটোৰ প্ৰগতি পথত আগবাঢ়ি যাবলৈ হ'লে জনগোষ্ঠীটো একত্ৰিত আৰু সংঘবদ্ধ হ'ব লাগিব। সভাত নগাবাট সমষ্টিৰ প্ৰায় ৭খনপ্ৰাথমিক সমিতিৰ সহস্ৰাধিক লোক উপস্থিত থাকে। আনহাতে ঠেঙ্গাল গোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা ৭খন প্ৰাথমিক শাখাৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বধৰ্না জ্ঞাপন কৰা হয় ।