যোৰহাট

সদৌ অসম ভিত্তিত অনুষ্ঠিত পাঞ্জা প্ৰতিযোগিতা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ বাহনা মহাবিদ্যালয়ত বাহনা যুৱকবৃন্দ আৰু বাহনা মহাবিদ্যালয়ৰ ক্ৰীড়া বিভাগৰ উদ্যোগত সদৌ অসম ভিত্তিত এদিনীয়াকৈ অনুষ্ঠিত পাঞ্জা প্ৰতিযোগিতাখন সোমবাৰে নিশা সফলতাৰে সামৰণি পৰিছে। পাঁচটা পুৰুষৰ শাখাত আৰু দুটা মহিলা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত দুয়োটা শাখাৰ পৰাই চেম্পিয়ন অৱ চেম্পিয়ন নিৰ্বাচিত কৰা প্ৰতিযোগিতাত পুৰুষ শাখাত আব্দুল কাদিৰে আৰু মহিলা শাখাত মাইনা গগৈয়ে চেম্পিয়ন অৱ চেম্পিয়ন খিতাপ অৰ্জন কৰে।

সদৌ অসম ভিত্তিত অনুষ্ঠিত পাঞ্জা প্ৰতিযোগিতাখনত প্ৰতিটো শাখাৰে প্ৰথম তিনিজনকৈ বিজয়ী প্ৰতিযোগী নিৰ্বাচিত কৰা প্ৰতিযোগিতাখনত ৫৫ কেজি অনুৰ্ধ্ব শাখাত ছলমান আলিয়ে প্ৰথম স্থান, ঋতুৰাজ বৰগোহাঁই দ্বিতীয় আৰু সিদ্ধাৰ্থ দাসে তৃতীয় স্থান লাভ কৰে।

৫৫-৬৫ কেজি শাখাত ত্ৰিদিপ দাসে প্ৰথম, বিদ্যান বৰঠাকুৰ দ্বিতীয় আৰু আচাদ হুছেইনে তৃতীয় স্থান লাভ কৰে। ৬৫-৭৫ কেজি শাখাত আব্দুল কাদিৰ প্ৰথম, গৌৰৱ প্ৰশান্ত গগৈ দ্বিতীয় আৰু অবিনাশ শইকীয়াই তৃতীয় স্থান লাভ কৰে। ৭৫-৮৫ কেজি শাখাত অমনদ্বীপ সিং প্ৰথম, ভৃগুমণি শইকীয়া দ্বিতীয় আৰু জ্ঞানদ্বীপ সিঙে তৃতীয় স্থান লাভ কৰে।

৮৫ কেজি উৰ্ধৰ শাখাত পাৰ্থপ্ৰতিম বৰুৱাই প্ৰথম স্থান অধিকাৰ কৰে। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় পাঁচ শতাধিক প্ৰতিযোগীয়ে যোগদান কৰা পাঞ্জা প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে দুবাৰকৈ গীনিজ বুক ৰেকৰ্ডাৰ তথা দৌৰবিদ অভিজিৎ বৰুৱা আৰু বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰণৱ বৰুৱাই। প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম মল্ল যুঁজ সন্থাৰ যুটীয়া সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱাই।

প্ৰতিযোগিতাখনৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত বাহনা মহাবিদ্যালয়ৰ কেইবাজনো অধ্যাপক আৰু সমাজসেৱক উপস্থিত থাকি বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰাৰ লগতে পুৰুষৰ চেম্পিয়ন অৱ চেম্পিয়ন খিতাপ প্ৰদান কৰে বাহনা যুৱক সংঘৰ সভাপতি সুচান্দ শেখৰ চুতীয়াই আৰু মহিলাৰ চেম্পিয়ন অৱ চেম্পিয়ন খিতাপ প্ৰদান কৰে সংঘৰ সম্পাদক নয়নজ্যোতি কলিতাই।