ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ফুটবলত চেম্পিয়ন অসমঃ ১১-০ ব্যৱধানত পৰাস্ত হাৰিয়ানা 
যোৰহাট

ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ফুটবলত চেম্পিয়ন অসমঃ ১১-০ ব্যৱধানত পৰাস্ত হাৰিয়ানা

Asomiya Pratidin

ডিজিটেল সংবাদ যোৰহাটঃ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ লাভ কৰিলে আয়োজক অসমে। প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা অপ্ৰতিৰোধ্য হৈ থকা অসমে চূড়ান্ত খেল খনতো সেই অপ্ৰতিৰোধ্য ধাৰা অব্যাহত ৰাখি হাৰিয়ানাক ১১-০ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছে।

আৰম্ভণিৰে পৰা আজিৰ মেচখনত অসমে দমনীয় প্ৰদৰ্শন দাঙি ধৰি প্ৰতিপক্ষ হাৰিয়ানাক ঘটিয়ে ঘটিয়ে পানী খোৱালে। যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নী বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ১৫ বছৰ অনুৰ্ধ্বৰ এই ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখন।

আজি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলত অসমে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি গ’লৰ বন্যা বোৱাই প্ৰতিযোগিতাখনত চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। দেশৰ ১৭খন ৰাজ্যৰ ফুটবল দলে যোগদান কৰা প্ৰতিযোগিতাখনৰ আটাইকেইখনতে বৃহৎ বৃহৎ ব্যৱধানত জয়ী হোৱা আয়োজক অসমে আজি চূড়ান্ত খেলত প্ৰতিযোগিতাখনৰ সৰ্বাতোকৈ বৃহৎ ১১-০ গ’লৰ ব্যৱধানত জয়লাভ কৰে।

১৯৭৯ৰ পৰা ১৯৮১ চনলৈকে একেৰাহে মুঠ তিনিবাৰকৈ এই ছাব-জুনিয়ৰ প্ৰতিযোগিতাখনৰ চেম্পিয়ন অসমে আজি হাৰিয়ানা দলক আৰম্ভণিৰ পৰাই সম্পূৰ্ণৰূপে চাপত ৰাখি খেলৰ প্ৰথমাৰ্ধতে ৭টা আৰু দ্বিতীয়াৰ্ধত ৪টাকৈ গ’ল দিয়ে।

অসম দলৰ হৈ টমাচ দৈমাৰীয়ে খেলৰ ৬, ১৯ (পেনাল্টি), ২১, ৫৪, ৫৯ আৰু ৭৮ মিনিটত মুঠ ছটাকৈ গ’ল দিয়াৰ উপৰিও দলটোৰ অধিনায়ক তন্ময় বৰুৱাই খেলৰ ১২ আৰু ২৫ মিনিটত, অৰূপ কৰ্মকাৰে খেলৰ ১৬ আৰু ৩১ মিনিটত দুটাকৈ গ’ল দিয়াৰ লগতে দলটোৰ অতিৰিক্ত খেলুৱৈ নিবীড় প্ৰতীম বৰগোঁহাইয়ে খেলৰ ৬২ মিনিটত এটা গ’ল দিয়ে।

আজি খেলৰ অন্তত ঠাইতে অনুষ্ঠিত হয় বঁটা বিতৰণী অনুষ্ঠান। এই বঁটা বিতৰণী অনুষ্ঠানত চেম্পিয়ন দল অসমক বঁটা প্ৰদান কৰে এ আই এফ এফৰ কোষাধ্যক্ষ কৃপা অজয় আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে।

ৰাণাৰ্ছ আপ হাৰিয়ানা দলক বঁটা প্ৰদান কৰে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক চেমৰাং ব্ৰহ্ম আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে। উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে অসম দলৰ অধিনায়ক তন্ময় বৰুৱাই আৰু এই বঁটা প্ৰদান কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ বঁটা লাভ কৰে অসম দলৰ গ’ল ৰক্ষক নাজুৰ বড়োৱে আৰু এই বঁটা প্ৰদান কৰে ১৯৭৯ চনত এই ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চেম্পিয়ন হোৱা অসম দলটোৰ অধিনায়ক লুহিত গগৈয়ে। ইফালে আজি প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হেৰল্ড চাংমা, অশোকৰাম চিয়াৰী, বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্ত, তপন দত্ত, অজয় ভৰালী প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি।