যোৰহাট

যোৰহাটত এটিপিএ শ্বিল্ড ফুটবল আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত দেওবাৰৰ পৰা নৈশালোকত আৰম্ভ হৈছে ৫৮ সংখ্যক ফেডাৰেল বেংক এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাখন। অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী তথা ঘৰোৱা দল যোৰহাট টাউন ক্লাব আৰু উত্তৰ পূৰ্বাঞ্চলৰ য়ুৰ্থ আই লীগৰ চেম্পিয়ন দল ফুটবল ফ'ৰ চেইনজ একাডেমী মণিপুৰৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখনত যোৰহাট টাউন ক্লাবে ২-১ গ'লৰ ব্যৱধানত জয়লাভ কৰে।

আজিৰ খেলখনত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে টাউন ক্লাবৰ জয়দিপ গগৈয়ে। খেলখন পৰিচালনা কৰে ৰিপুনাথ গগৈয়ে, সহায় কৰে পৱন পাঠক, বিমান সন্দিকৈ আৰু চতুৰ্থত থানেশ্বৰ ৰেগনে। ইফালে আজি প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্তই তেওঁৰ লগত উপস্থিত থাকে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ কমল বৰুৱা।

ইয়াৰ উপৰিও আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা ক্ৰীড়া সংন্থাৰ সভাপতি শান্তনু পূজাৰী, ফেডাৰেল বেংক মূখ্য প্ৰৱন্ধক অমৃত কুমাৰ, ব'ৰ্ড অৱ স্প'ৰ্টছৰ সচিব প্ৰসেনজিৎ চৌধুৰী উপৰিও কেইজনো ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল। ১১ মাৰ্চৰ খেলখন বৰভেটা স্প'ৰ্টছ ক্লাব বনাম নাগালেণ্ডৰ চাইৰ্থেকামা ফুটবল ক্লাবত সন্ধ্যা ৬ বজাৰ পৰা আৰম্ভ হ'ব ।