অবৈধ মদ, জুৱাৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী বৰহোলা আছুৰ..  
যোৰহাট

অবৈধ মদ, জুৱাৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী বৰহোলা আছুৰ..

দুৰ্গোৎসৱ,কাতি বিহু আৰু কালী পূজাৰ সময়ত অপৰাধ বৃদ্ধিৰ আশংকা

Asomiya Pratidin

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ দুৰ্গোৎসৱ, কাতি বিহু, কালী পূজাৰ সময়ত অবৈধ মদ আৰু জুৱা বন্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই। এক বিবৃত্তি যোগেদি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই কয় যে, বৰ্তমান সময়ত ইকৰাণি, নগাবাট, বেকাজান, গড়াজান, ৰজাবাহাৰকে ধৰি সমগ্ৰ বৰহোলা অঞ্চলৰ চুকে কোনে মাদক দ্ৰব্যৰ অবাধ প্ৰচলনৰ ফলত দৈনিক বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত হৈ আহিছে।

বিশেষকৈ দুৰ্গোৎসৱ, বিহু আৰু কালী পূজাৰ সময়ত অবৈধ মদ আৰু জুৱাৰ কবলত পৰি বিভিন্ন দুষ্কাৰ্য লগতে তীব্ৰ বেগত বাইক চলায় ৰাজপথত ত্ৰাস সৃষ্টি কৰি অহা ফলত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হোৱা সম্ভাৱনা প্ৰকট হৈ পৰিছে।

সেয়েহে এই উৎসৱমুখৰ পৰিৱেশৰ সময়ত জনসাধাৰণৰ নিৰাপত্তা স্বাৰ্থত বৃহত্তৰ বৰহোলা অঞ্চলৰ কোনো ঠাইত অবৈধ মদ আৰু জুৱাই সামাজিক আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন আৰু আবকাৰী বিভাগক এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বৰহোলা আছুৱে৷