যোৰহাট

যোৰহাটত নন্দোৎসৱ উপলক্ষে বোকা ভাওনা প্ৰদৰ্শন

Asomiya Pratidin

ডিজিটেল সংবাদ,যোৰহাট : যোৰহাটৰ সকাই খঙীয়াত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী তথা নন্দোৎসৱ উপলক্ষে সকাই খঙীয়াবাসীৰ সহযোগত 'বোকা ভাওনা' পৰিৱেশন কৰা হয়। সাতামপুৰুষীয়া পৰম্পৰা অব্যাহত ৰখা গাঁৱখনত নন্দোৎসৱৰ দিনটোত দেখা গ'ল উসৱমুখৰ পৰিৱেশ।

শিশু কৃষ্ণৰ নামকৰণ কৰাৰ পৰা গকুলৰ ৰজা নন্দৰ ঘৰত হোৱা আনন্দ উল্লাসলৈ সমগ্ৰ নান্দনিক দৃশ্যাৱলী উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ সন্মুখত উপস্থাপনৰ প্ৰয়াস কৰা হয়। সকলো দৃশ্য অভিনয়ৰ যোগেদি দৰ্শকৰ আগত গাঁৱৰ কণ কণ শিশুৰ পৰা বয়োজেষ্ঠলৈ সকলোৱে উপস্থাপন কৰে।

শিশু কৃষ্ণৰ নামাকৰণ,নন্দ ৰজাৰ ঘৰত আনন্দ উল্লাসৰ দৃশ্য প্ৰদৰ্শনৰ পিছতেই নামঘৰৰ চৌহদত ৰাইজে প্ৰদৰ্শন কৰে 'বোকা যাত্ৰা ভাওনা'। উল্লেখ্য ৰাজ্যৰ ভিতৰতে বিৰল এই বোকা ভাওনা যোৰহাটৰ সকাই খঙীয়াবাসীয়ে প্ৰায় ১০০ বছৰ ধৰি পালন কৰি আহিছে।