যোৰহাট

বিহু নাচত মুখৰিত তিতাবৰৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদ

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ ছাত্ৰ-ছাত্ৰীৰ বিহু নাচত মুখৰিত হৈছে তিতাবৰৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদ। শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতিৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে প্ৰাক্ ৰঙালী বিহু।

বিদ্যালয়ৰখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতি আৰু মাতৃগোটৰ ঐকান্তিক প্ৰচেষ্টাত ৰূপায়িত হোৱা এই কাৰ্যসূচীৰ উদ্বোধন কৰে জ্ঞানমৰ সঞ্চালিকা উত্তৰা শইকীয়াই। অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক অজয় শইকীয়া, শিক্ষক দেৱজিৎ দাস।

ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আপোন বিদ্যালয়খনৰ চৌহদত হুচৰি গাই ৰঙালীৰ আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয়। লগতে জ্যেষ্ঠ জনক সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰে । বিশেষকৈ প্ৰাথমিক বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া বাপুতি সাহোন ৰঙালী বিহুৰ কৃষ্টি-সংস্কৃতি পৰিচয় কৰোৱাৰ উদ্দেশ্যে এইদৰে বিহু উদযাপন কৰা হয় বুলি প্ৰকাশ কৰে প্ৰধান শিক্ষক পল্লৱ শইকীয়াই।