যোৰহাট

বৰহোলা মহাবিদ্যালয়ৰ বিত্তীয় অনিয়মৰ বিৰুদ্ধে ৩ জাতীয় সংগঠনৰ ৰাইজ মেল

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজানঃ বৰহোলা মহাবিদ্যালয়ত সংঘটিত হোৱা বিত্তীয় অনিয়মক লৈ শেহতীয়াকৈ ক্ষোভৰ উদ্গীৰণ হৈছে। বিত্তীয় অনিয়ম তথা প্ৰশাসনিক ভৱনৰ নিৰ্মাণত ব্যৱসায়ীক প্ৰাপ্য ধন আদায় দিবলৈ থকা বিতৰ্ক সন্দৰ্ভত বীৰ লাচিত সেনা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,কৃষক মুক্তি সংগ্রাম সমিতিয়ে বুধবাৰে যৌথভাৱে এখন ৰাইজ মেল আহ্বান কৰে।

ৰাইজ মেলত অধ্যক্ষা বৰ্ণালী দত্ত আৰু প্ৰাক্তন অধ্যক্ষ বীৰেণ দত্তৰ বিৰুদ্ধে বহু কেইটা অভিযোগ উত্থাপন হৈছে।বৰহোলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি বিবুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাইজ মেলত লাচিত সেনা তিতাবৰ আঞ্চলিকৰ সভাপতি চানী ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ কয় যে,বৰহোলা মহাবিদ্যালয়খন পৰিচালনা সমিতিৰ অনুশাসনহীনতাৰ বাবে কেইবাটাও কেলেংকাৰীয়ে গৰিমা নষ্ট আৰু শৈক্ষিক পৰিবেশ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত এটা ফলপ্ৰসূ সমাধানৰ বাবে ৰাইজ মেল আহ্বান কৰা বুলি কয় ৰাজখোৱাই। আনহাতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নেতা বিজয় হাজৰিকাই মহাবিদ্যালয়খনত সংঘটিত হোৱা বিত্তীয় অনিয়মত যথেষ্ট খেদ প্ৰকাশ কৰে। তেওঁ অধ্যক্ষাৰ বিৰুদ্ধে উঠা অভিযোগসমূহৰ বাবে তদন্তৰ দাবী কৰে যাতে প্ৰকৃত সত্য পোহৰলৈ আহে আৰু মহাবিদ্যালয়খনৰ গৰিমা অক্ষুন্ন থাকে।

ৰাইজৰ দলৰ নেতা নৰেন গগৈয়ে মহাবিদ্যালয়খনৰ ভিতৰচৰাত সংঘটিত হোৱা শ্ৰেণী কোঠা আৰু প্ৰশাসনিক ভৱনৰ নিৰ্মাণত হোৱা বিত্তীয় অনিয়ম আৰু ব্যৱসায়ীক দিব লগা প্ৰাপ্য ধনৰ শীঘ্ৰে তদন্ত কৰিবলৈ আহবান জনায়। অৱসৰপ্ৰাপ্ত অধ্যক্ষ চক্ৰেন শইকীয়াই বিত্তীয় অনিয়মৰ সন্দৰ্ভত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিখনক জবাবদিহি কৰে।

আনহাতে প্ৰাক্তন আছুৰ নেতা নিলোৎফা ৰহমানে বৰহোলা মহাবিদ্যালয়ৰ শেহতীয়া বিতৰ্কই অন্তৰত দুখ দিয়া বুলি প্ৰকাশ কৰে। যদি অনিয়ম আৰু অন্যায় দেখা পোৱা যায় তেনেহলে গুৰু হলেও প্ৰতিবাদ জনাব লাগিব বুলি মন্তব্য কৰে।

প্ৰায় ৩ঘণ্টা ধৰি চলা ৰাইজ মেলত ১২টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।প্ৰস্তাৱ অনুসৰি পৰিচালনা সমিতিয়ে বিত্তীয় অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব নোৱাৰাৰ বাবে উদ্বেগ প্ৰকাশ কৰে। বৰহোলা মহাবিদ্যালয়খনৰ গৰিমা আৰু ঐতিহ্যৰ ৰক্ষাৰ স্বাৰ্থত বিভাগীয় তদন্ত আৰু মুখ্যমন্ত্ৰী ভিজিলেন্সৰ তদন্তৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই এই সমগ্ৰ বিষয়টো আগবঢ়াই নিবলৈ প্ৰতিষ্ঠাপক সভাপতি বিবুল হাজৰিকাক দায়িত্ব অৰ্পণ কৰে।

তদুপৰি বৰহোলা মহাবিদ্যালয়ত প্ৰাক্তন অধ্যক্ষ বীৰেণ দত্তৰ কাৰ্যকালত সংঘটিত হোৱা বিত্তীয় অনিয়মৰ তদন্তৰ স্বাৰ্থত বৰ্তমানৰ অধ্যক্ষা তথা তেওঁৰ পত্নী বৰ্ণালী কলিতাক অধ্যক্ষাৰ দায়িত্বৰ পৰা আঁতৰাই ৰাখিবলৈ উচ্চ শিক্ষা সঞ্চালকালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰা সিদ্ধান্ত লোৱা হয়। প্ৰশাসনিক ভৱন নিৰ্মাণৰ বাবদ যিসকল ব্যৱসয়ীক ধন দিবলৈ আছে তাক দিবলৈ পৰিচালনা সমিতিক কোৱা হয়।

আজিৰ ৰাইজ মেলত এইটো স্পষ্ট কৰি দিয়ে অধ্যক্ষা বৰ্ণালী কলিতাক এই বিত্তীয় অনিয়মৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ এসপ্তাহ সময় দিছে। তেওঁ যদি কোনো উত্তৰ নিদিয়ে আজি সভাই বিষয়টো মুখ্যমন্ত্ৰী ভিজিলেন্সৰ তদন্তৰ বাবে দাবী জনাব। উল্লেখযোগ্য যে ৰাইজমেলত প্ৰায় শতাধিক ৰাইজে উপস্থিত থাকে। উল্লেখযোগ্য যে, বৰহোলাবাসীৰ অশেষ কষ্ট, ত্যাগৰ বিনিময়ত ১৯৯০ চনত জন্ম লাভ কৰা মহাবিদ্যালয় খনত এনে বিতর্কত সোমাই পৰাত ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।