বৰহোলা মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰী তদন্ত আৰম্ভ... 
যোৰহাট

বৰহোলা মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰী তদন্ত আৰম্ভ...

উচ্চ শিক্ষা সঞ্চালকক ভাৰপ্ৰাপ্ত অধ্যক্ষাক আঁতৰ কৰিবলৈ তিনিদিনৰ সময়সীমা দল সংগঠনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ মহকুমাৰ বৰহোলা মহাবিদ্যালয়ৰ বিত্তীয় অনিয়মৰ বিৰুদ্ধে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চ শিক্ষা সঞ্চালকে। উচ্চ শিক্ষা সঞ্চালকালে মহাবিদ্যালয়খনৰ সকলো বিত্তীয় অনিয়ম তদন্তৰ বাবে এক তদন্ত সমিতি গঠন কৰি দিছে।

সোমবাৰে উচ্চ শিক্ষা সঞ্চালকৰ সৈতে অঞ্চলটোৰ নাগৰিক সমিতিৰ আলোচনা মৰ্মে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে মহাবিদ্যালয়খনৰ বিত্তীয় অনিয়ম সন্দৰ্ভত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ লগতে বীৰ লাচিত সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ঐক্য মঞ্চ সৰৱ হৈ পৰিছিল।

উল্লেখযোগ্য যে ১৯৯০ চনত তেতিয়াৰ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ শিক্ষক কৰ্মচাৰীৰ নেতৃত্বত ৰাইজৰ সহযোগত মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। ২০১৩ চনত চৰকাৰে চৰকাৰীকৰণ কৰা মহাবিদ্যালয়খনত পূৰ্বৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ দত্তৰ কাৰ্যকালত সংঘটিত হোৱা বিত্তীয় অনিয়ম শেহতীয়াকৈ পোহৰলৈ আহে।

ৰাষ্ট্ৰীয় মূল্যায়ন পৰিষদ (নাক)ক মহাবিদ্যালয়খনে দাখিল কৰা স্বমূল্যায়ন প্ৰতিবেদনত ফাদিল হোৱা তথ্য অনুসৰি পইণ্টিং এণ্ড ষ্টেচনাৰীৰ নামত চাৰিটা বৰ্ষত ৩৯ লাখ টকা খৰচ কৰা বিষয় পোন প্ৰথমে পোহৰলৈ অহাত মহাবিদ্যালয়খনৰ ভিতৰে বাহিৰে প্ৰতিক্ৰিয়া সৃষ্টি হয়। এই বিষয়টো পোহৰলৈ অহাত খোদ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ চকু কপালত উঠে।

স্বমূল্যায়ন প্ৰতিবেদনৰ পাতে পাতে বিত্তীয় অনিয়ম উন্মোচন হোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰে। মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী প্ৰকাশ নকৰাকৈ পুঁজি মোকলাই নিয়া, কোৰোনা মহামাৰীৰ সময়ত শিক্ষকৰ টি এ নামত পাঁচ লাখ টকা খৰচ কৰা আদি বিষয় ৰাজহুৱা হোৱাত প্ৰতিষ্ঠাপক সদস্যসকলৰ লগতে দল সংগঠনে ৰাজহুৱা সভা অনুষ্ঠিত কৰি ইয়াৰ তদন্ত দাবী তোলে।

শেহতয়াকৈ উচ্চ শিক্ষা সঞ্চালকে মহাবিদ্যালয়খনৰ বিত্তীয় অনিয়ম তদন্তৰ পূৰ্বে গুৱাহাটীত সমগ্ৰ অভিযোগ সন্দৰ্ভত ৰাইজৰ পৰা এক শুনানি গ্ৰহণ কৰিছে। উচ্চ শিক্ষা সঞ্চালক পমী বৰুৱাই অভিযুক্তসকলে শাস্তি পাবই বুলি মন্তব্য কৰি চলিত সপ্তাহৰ ভিতৰত তদন্ত আৰম্ভ হ'ব বুলি জানিবলৈ দিছে।

ইফালে ঘটনা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি অহা লাচিত সেনা কৃষক মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আদি দল সংগঠনে ইতিপূৰ্বে অভিযোগৰ তদন্তৰ দাবীত ঘোষণা কৰা আন্দোলন স্থগিত ৰাখিবলৈ জনোৱা আহ্বানক সন্মান জনাই সংগঠন কেইটাই ঘোষণা কৰা আন্দোলন সাময়িক ভাবে স্থগিত কৰিছিল যদিও গবৰ্নিং বডীৰ কাম কাজত ক্ষুণ্ণ হৈ পৰা বুলি জানিব পৰা গৈছে।

সংগঠন কেইটাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গবৰ্নিং বডীয়ে সমগ্ৰ ঘটনা তল পেলাই বিষয়টোৰ গভীৰতা এতিয়াও উপলব্ধি কৰিব পৰা নাই বুলি দাবী কৰিছে। যোৱা ৬ ছেপ্টেম্বৰত গবৰ্নিং বডীৰ সভাত মহাবিদ্যালয়খনৰ বিত্তীয় অনিয়ম তদন্তৰ দাবীত গ্ৰহণ কৰা প্ৰস্তাৱ উচ্চ শিক্ষা সঞ্চালকক ২০ দিনৰ পাছত প্ৰেৰণ কৰা বিষয় অতি ৰহস্যজনক আখ্যা দি সংগঠন কেইটাই কয় যে, অভিযুক্ত পূৰ্বৰ অধ্যক্ষ বীৰেণ দত্তৰ পত্নী বৰ্তমানৰ মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা।

নিজৰ স্বামীৰ বিৰুদ্ধে তদন্ত ঘোষণা হোৱাৰ পাছতো বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা গৰাকী দায়িত্বত থকা বিষয় কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি ইতিমধ্যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গবৰ্নিং বডীক দাবী জনোৱা হৈছিল যদিও গবৰ্নিং বডী এই ক্ষেত্ৰত নিৰুদ্বেগ। ভাৰতীয় আইনৰ পৰিপন্থী এনে কাৰ্য গবৰ্নিং বডীয়ে কিহৰ স্বাৰ্থত বৈধ কৰি বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষাগৰাকীক কাম কৰাৰ সুবিধা প্ৰদান কৰি আছে বুলি প্রশ্ন কৰিছে সংগঠন কেইটাই।

তেওঁলোকে উচ্চ শিক্ষা সঞ্চালকক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।উচ্চ শিক্ষা সঞ্চালকক প্ৰদান কৰা এক পত্ৰত অহা পাঁচ অক্টোবৰ ভিতৰত তদন্ত নিৰপেক্ষ হোৱাৰ স্বাৰ্থত ভাৰপ্ৰাপ্ত অধ্যক্ষা বৰ্ণালী কলিতাক পদৰ পৰা সাময়িক অব্যাহতি প্ৰদান কৰিবলৈ দাবী জনায় আন্দোলনৰ হুংকাৰ দিছে।