যোৰহাট

পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত বৰহোলাত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঘিলাধাৰীঃ নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি বাহাল ৰখা দাবী জনাই ৰাজ্যজুৰি এনপিএছৰ কৰ্মচাৰী সংস্থাই দুদিনীয়াকৈ আহ্বান কৰিছে কৰ্ম বিৰতিৰ। এই কৰ্ম বিৰতি কাৰ্যসূচী প্ৰতি সহাঁৰি জনাইছে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনপিএছৰ অধীনৰ শিক্ষক-কৰ্মচাৰীসকলে।

মঙলবাৰে সেই উপলক্ষে কৰ্ম বিৰতি পালন কৰে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীয়ে। চাকৰি অৱসৰৰ পিছত জীৱনলৈ অশনি সংকেত কঢ়িয়াই অনা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী জনাইছে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলে৷