যোৰহাটৰ CSIR-NEIST ত CBI ৰ অভিযানঃ দুজনক গ্ৰেপ্তাৰ, কেইবাজনো সোধ-পোছ... 
যোৰহাট

যোৰহাটৰ CSIR-NEIST ত CBI ৰ অভিযানঃ দুজনক গ্ৰেপ্তাৰ, কেইবাজনো সোধ-পোছ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উজনি অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান CSIR-NEIST ত চি বি আইয়ে শুকুৰবাৰে চলোৱা এক দীঘলীয়া অভিযানৰ অন্তত দুজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰে এগৰাকী ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বৰ্মা আৰু আনগৰাকী হৈছে বিজ্ঞানী প্ৰসেনজিৎ মান্না।

জানিব পৰা মতে চি বি আইৰ দলটোৱে প্ৰবীণ কুমাৰ বাৰ্মাৰ পৰা ৭ লাখ টকা জব্দ কৰিছে। ইয়াৰোপৰি চি বি আইৰ দলটোৱে শৈক্ষিক প্ৰতিষ্ঠানটোৰ আন ৬ গৰাকী বিষয়া কৰ্মচাৰীকো জেৰা চলাইছে।

উল্লেখ্য যে, শুকুৰবাৰে দিনৰভাৱে চি বি আইৰ এটা দলে CSIR-NEIST ৰ চৌহদত প্ৰবেশ কৰিছিল। অৱশ্যে প্ৰথম অৱস্থাত চি বি আইৰ দলটোক প্ৰতিষ্ঠানখনত প্ৰবেশত বিজ্ঞানীৰ এটা দলে বাধা প্ৰদান কৰিছিল। সমান্তৰালকৈ তৰ্ক-যুদ্ধত লিপ্ত হৈছিল।

কিন্তু পৰৱৰ্তী সময়ত চি বি আইৰ দলটোৱে প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰে আৰু শনিবাৰে পুৱতি নিশালৈকে অভিযান চলাই দুজনক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি CSIR-NEIST ৰ চৌহদত কৰ্মচাৰী আৰু বিজ্ঞানীসকলৰ বাহিৰে আন কোনো লোককেই প্ৰৱেশ কৰিবলৈ দিয়া নহয়। তাৰেই সুযোগ গ্ৰহণ কৰি ইয়াত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হৈ আহিছে।

প্ৰতিষ্ঠানখনৰ পূৰ্বৰ শাস্ত্ৰি উপাধিৰ প্ৰাক্তন সঞ্চালকজনৰ কাৰ্যাকালতে বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল। এই বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰিবলৈকে চি বি আইৰ দলটোৱে শুকুৰবাৰে আহি প্ৰতিষ্ঠানখনত উপস্থিত হয়হি।

এই দলটোৱে ৬ জন বিজ্ঞানী, কৰ্মচাৰীক পৃথকে পৃথকে সোধ-পোছ কৰে। আনহাতে চি বি আইয়ে পৰৱৰ্তী সময়ত আন কেইবাজনো বিজ্ঞানী আৰু কৰ্মচাৰীকো সময়ত সোধ-পোছ কৰিব বুলিও জানিব পৰা গৈছে। এই গোটেই তদন্ত এটা ৭ কোটি টকীয়া মেচিন ক্ৰয়ক কেন্দ্ৰ কৰি হোৱা দুৰ্নীতিৰ সন্দৰ্ভত হৈছে বুলিও এক সূত্ৰত প্ৰকাশ পাইছে।

অৱশ্যে এয়া নিশ্চিত খবৰ নহয়। কিয়নো এই প্ৰতিষ্ঠানখনত সাংবাদিকৰ প্ৰৱেশতো বাধা আছে। চি বি আইৰ অভিযান সন্দৰ্ভত CSIR-NEIST অথবা জিলা প্ৰশাসনৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা হোৱা নাই। ইফালে প্ৰতিষ্ঠানখনৰ একাংশ কৰ্মচাৰীয়ে যোৰহাটৰ একাংশ সাংবাদিকক জনোৱা অনুসৰি এই প্ৰতিষ্ঠানখনৰ একংশ বিজ্ঞানীয়ে এক ছিণ্ডিকেটো গঢ়ি তুলিছে।