পানজানত শংকৰদেৱৰ ৫৬৭সংখ্যক জন্ম জয়ন্তী উদ্‌যাপন আৰু শ্ৰীমদ্ভাগৱত ব্যাখ্যা অনুষ্ঠান 
যোৰহাট

পানজানত শংকৰদেৱৰ ৫৬৭সংখ্যক জন্ম জয়ন্তী উদ্‌যাপন আৰু শ্ৰীমদ্ভাগৱত ব্যাখ্যা অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰৰ অসম- নাগালেণ্ড সীমান্তৰ পানজান ৰশ্মি যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজ তথা যুৱক-যুৱতী আৰু শুভাকাংক্ষীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ্ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে কালি ত শনিবাৰে পুৱা ৭:৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰে সোমেশ্বৰ কছাৰীয়ে।

একশৰণ নামধৰ্ম সমাজৰ নামাচাৰ্য কনক কছাৰীয়ে আঁত ধৰা নাম প্ৰসংগৰ পিছতেই সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে ভাগৱত যাত্ৰা উলিওৱা হয় । ইয়াৰ পিছতেই কৃতী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষামূলক প্ৰতিযোগিতাত বিজয়ীসকলক বঁটা বিতৰণ কৰা হয়।

দেওবাৰে শ্ৰীমদ্ভাগৱত ব্যাখ্যা অনুষ্ঠানত উপস্থিত থাকে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰতাপ কছাৰী। আনহাতে শ্ৰীমদ্ভাগৱত ব্যাখ্যা কৰে শিৱসাগৰৰ বৈষ্ণৱ পণ্ডিত প্ৰাণজিৎ গগৈয়ে।

গগৈয়ে ভাগৱতৰ আধ্যাত্মিক তত্ত্বৰ বিষয়ে ভকত বৈষ্ণৱসকল ব্যাখ্যা কৰে। আনহাতে এই ভাগৱত ব্যাখ্যা অনুষ্ঠানটিত এক শৰণ নামধৰ্ম সমাজ ,পানজান মাহেকীয়া সমাজ,কৃষ্ণদেৱ ভাগৱতী সমাজ,কৃষ্ণগুৰু সমাজৰ লগতেবিভিন্ন প্ৰাথমিকৰ পাঁচ শতাধিক ভকত বৈষ্ণৱ উপস্থিত থাকে। ৰাতিলৈ পানজান ৰশ্মি যুৱ সংঘৰ যুৱকসকলৰ দ্বাৰা "ৰুক্মিণী হৰণ" ভাওনা প্ৰদৰ্শন কৰা হয়।