যোৰহাট

বৰহোলাত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত: পোহৰলৈ আহিছে বিসংগতি পূৰ্ণ তথ্য...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ বৃহস্পতিবাৰে পুৱা ৫বজাত নাগালেণ্ডৰ মোককচাঙৰ পৰা বৰহোলালৈ অধিক ওজনৰ কয়লা কঢ়িয়াই অনা এখন ১৬ চকীয়া ট্ৰাক বৰহোলা ৰজাবাহৰ বৰবৰা আলিত দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। জানিব পৰামতে তিতাবৰ অনঞ্জন এণ্টাৰপ্ৰাইজৰ নামত এছ ০৩ পি চি ৪২৬১ নম্বৰৰ এখন ১৬ চকীয়া ট্ৰাকে প্ৰায় ৫৪.৮৬০ মেট্ৰিক টন কয়লা নাগালেণ্ডৰ লঙচেম মোককচাঙৰ টেমজেন এণ্ড কোম্পানীৰ পৰা বৰহোলালৈ কঢ়িয়াই আনিছিল। কিন্তু ৰহস্যজনক কাৰণত ট্ৰাকখনে পথ সলনি কৰি ৰজাবাহৰ বৰবৰা আলিয়ে যাওঁতে পুৱা ওজন সহিব নোৱাৰি পথ ফাটি চকা সোমাই যোৱাত দুৰ্ঘটনাগ্ৰস্ত হয়। লগে লগে গাঁৱৰ মানুহে তিৰ্পালেৰে ঢাকি অনা ট্ৰাকখনত কি আছে বুলি তালাচী চলাওঁতে ট্ৰাকখনৰ ভিতৰত বৃহৎ পৰিমাণৰ কয়লা থকা পোহৰলৈ আহে।

ৰাইজে ট্ৰাকখন আবদ্ধ কৰি বৰহোলা আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উপস্থিত হৈ অনুসন্ধান কৰাত কয়লা পৰিবাহী ট্ৰাকখনৰ বিসংগতি পূৰ্ণ তথ্য পোহৰলৈ আহে। ট্ৰাকখন চালকজনে কয়লাখিন তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা বৰহোলা চাহ বাগিচা অনা বুলি ভাষ্য দিয়াৰ বিপৰীতে আকৌ চালানত নাগালেণ্ডৰ মোককচাঙৰ পৰা তিতাবৰলৈ বুলি পঠোৱাৰ উল্লেখ আছে। আনহাতে বৰহোলা চাহ বাগিচাৰ কৰ্তৃপক্ষই কয়লাখিন তেওঁলোকৰ বাগিচালৈ অনা কথা অস্বীকাৰ কৰিছে। ফলত কয়লা ট্ৰাকখন লৈ বিভ্ৰান্তি সৃষ্টি হৈছে।

তদুপৰি ট্ৰাকখনে যদি বৰহোলা চাহ বাগিচালৈ প্ৰকৃততে কয়লাখিন আনিছিল তেনেহলে মূলপথেৰে নিনি কিয় গাঁৱৰ পথেৰে লৈ যাব খুজিছিল তাক লৈ ৰহস্য সৃষ্টি হৈছে। জানিব পৰামতে বৰহোলা পথত এখন ট্ৰাকত ২৫ টনকৈ ওজন কঢ়িয়াবলৈ বা সৰবৰাহ কৰাৰ বাবে অনুমতিৰ প্ৰয়োজন। কিন্তু ট্ৰাকখনে ৫৪ মেট্ৰিক কয়লা পৰিবহন কৰি অনাটোৱে প্ৰশাসনক কৰ ফাঁকি দিয়াতো স্পষ্ট হৈ পৰিছে।

ইফালে বৰহোলা আৰক্ষীয়ে কয়লা কঢ়িয়াই অনা ট্ৰাকখনৰ সন্দৰ্ভত তিতাবৰৰ মহকুমা প্ৰশাসনক বহু পলমকৈ খবৰ দিয়াত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হয়। ইয়াৰ পিছত তিতাবৰ ৰাজহ চক্ৰবিষয়াগৰাকী উপস্থিত হৈ ট্ৰাকখন বৰহোলা থানালৈ লৈ যায়। ইতিমধ্যে ৰাজহচক্ৰ বিষয়াগৰাকীয়ে ৰাইজক কয়লা সৰবৰাহ কৰা ট্ৰাকখনৰ তদন্ত কৰা বুলি আশ্বাস দিয়ে ।