ৰাণা গোস্বামী 
যোৰহাট

অসমৰ পৰা কেতিয়াবাই গ'ল ভাৰত জোড়ো ন্যায় যাত্ৰাঃ নগ'ল কংগ্ৰেছ নেতাৰ দুৰ্দশা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্ব চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ পাছতে যোৰহাট জিলাত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত যোৰহাট সদৰ থানাত গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিতে তদন্তকাৰী বিষয়াৰ ওচৰত আজি হাজিৰ হ'ব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী

উল্লেখ্য যে, যোৰহাটত ভাৰত জোড়ো ন্যায় যাত্ৰাই আইন-শৃখংলা পৰিস্থিতি বিঘ্নিত কৰাৰ অভিযোগেৰে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পথ নিৰ্ণয়কাৰী কে বি বাইজুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিতে ইতিমধ্যে ৩১ জানুৱাৰীত যোৰহাট সদৰ থানাত উপস্থিত হৈছিলগৈ ভূপেন বৰা।

সেইদৰে ১০ ফেব্ৰুৱাৰী শনিবাৰে উপস্থিত হয় ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পথ নিৰ্ণয়কাৰী কে বি বাইজু। এই দুয়োগৰাকীৰে ভাষ্য সংগ্ৰহ কৰাৰ লগতে তেওঁলোকক সোধপোছ কৰে তদন্তকাৰী বিষয়াগৰাকীয়ে।

এই দুয়োগৰাকীৰ দৰেই আজি কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীও সদৰ থানাত উপস্থিত হৈ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ'ব লাগিব। ইফালে তদন্তকাৰী বিষয়া তথা যোৰহাট আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মৃণ্ময় গোস্বামীয়ে সংবাদ মেলৰ জৰিয়তে উল্লেখ কৰিছে তদন্ত চলি থকাৰ সময়ত যেতিয়াই প্ৰয়োজন হয় তেতিয়াই কে বি বাইজু আহি তেওঁলোকৰ ওচৰত হাজিৰ হ'ব লাগিব।