যোৰহাট

সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল কলাকুঞ্জ প্ৰেক্ষাগৃহ

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ বৰহোলাত সাংস্কৃতিক অনুষ্ঠান কলাকুঞ্জৰ উদ্যোগত ড° বিষ্ণুপ্ৰিয়া শইকীয়া শৰ্মাৰ এখন স্মৃতিচাৰণ সভা আৰু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ভালেসংখ্যক শুভাংকাক্ষীয়ে ড° বিষ্ণুপ্ৰিয়া শইকীয়া শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰাৰ লগতে আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা জনায়।

এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত অতিথি হিচাপে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডম্বৰু চুতীয়া, সপোনকবি, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন্দ্ৰ নাথ হাজৰিকা, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকা, বৰহোলা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° শিৱানী ফুকন, বৰহোলা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ যাদৱ বৰা, ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন শইকীয়া, সাংবাদিক অজয় শইকীয়া আদি উপস্থিত থাকে।

উপস্থিত কেইবাগৰাকীয়ে ড° বিষ্ণুপ্ৰিয়া শইকীয়া শৰ্মাৰ স্মৃতি সুঁৱৰি বক্তব্য প্ৰদান কৰে। লগতে বৰগীত, কোৰাছ, কবিতা আবৃত্তি, নৃত্য আদি পৰিৱেশনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে।

উল্লেখ্য যে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক থানু শইকীয়া আৰু মাখনি শইকীয়াৰ একমাত্ৰ কণ্যা আছিল ড° বিষ্ণুপ্ৰিয়া শইকীয়া শৰ্মা। বোকাখাট হায়াৰ চেকেণ্ডেৰীত বিষয় শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত অৱস্থাতে ড° বিষ্ণুপ্ৰিয়া শইকীয়া শৰ্মাৰ মৃত্যু হৈছিল। স্মৃতিচাৰণ সভাৰ দিনটোত পুনৰ বৃহত্তৰ বৰহোলাবাসীক তেওঁৰ স্মৃতিয়ে শোকাস্তব্ধ কৰি তোলে।