আলফাৰ সন্দেহত আৰক্ষীয়ে হত্যা কৰা দীপাংকৰৰ ন্যায় বিচাৰি তিতাবৰ থানা ঘেৰাও 
যোৰহাট

আলফাৰ সন্দেহত আৰক্ষীয়ে হত্যা কৰা দীপাংকৰৰ ন্যায় বিচাৰি তিতাবৰ থানা ঘেৰাও

তিনি দোষী আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৪৮ ঘণ্টা সময় সীমা মুখ্যমন্ত্ৰীক

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ যোৰহাট লিচুবাৰী সেনা চাউনিত আলফাৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত তিতাবৰৰ বিৰিনাশায়েকৰ গাড়ীগাঁৱৰ যুৱক দীপাংকৰ গগৈক যোৱা ২০২৩ চনৰ ২৬ ডিচেম্বৰত আৰক্ষীয়ে নিৰ্যাতন চলাই হত্যা কৰা তিনিগৰাকী অভিযুক্ত আৰক্ষী বিষয়াৰ শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কেইবাটাও জাতীয় দল সংগঠনে তিতাবৰ থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এয়ে বুধবাৰে যোৰহাটৰ সেনা চাউনিত আলফাৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তসকলৰ ছাৰ্জশ্বিট দাখিল কৰাৰ পিছত সেই ছাৰ্জশ্বিটত তিতাবৰৰ দীপাংকৰ গগৈৰ নাম নথকাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আজি নিৰীহ যুৱক দীপাংকৰ গগৈক যোৰহাট আৰক্ষীয়ে সন্দেহৰ ভিত্তিত নিৰ্যাতন চলাই হত্যাৰ কৰা বুলি ২০২৩ চনৰ ২৭ ডিচেম্বৰত পৰিয়ালে তিতাবৰ থানাত দিয়া গোচৰৰ অগ্ৰগতিৰ আৰু আৰক্ষীক জবাবদিহি কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্র সন্থা, যুৱ ছাত্ৰ পৰিষদ, আটছা , তাই আহোম ছাত্র সন্থা, বীৰ লাচিত সেনা আৰু সংগ্ৰামী মহিলা মঞ্চৰ শতাধিক সদস্য তিতাবৰ থানাত উপস্থিত হয়। কিন্তু সেই আৰক্ষী থানাত কোনো আৰক্ষী বিষয়া উপস্থিত নথকাত প্ৰতিবাদী ৰাইজ আৰু কেইবাটাও জাতীয়তাবাদী দল সংগঠনেহাতে হাতে প্লেকাৰ্ড প্ৰদৰ্শন কৰি তিনি আৰক্ষী বিষয়া ক্ৰমে মোহনলাল মিনা, কাকলি পাটগিৰি আৰু লক্ষ্মণ কুমাৰ দাসৰ গ্ৰেপ্তাৰৰ দাবীত দুই ঘণ্টা ধৰি তিতাবৰ থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

দুপৰীয়া কৃষক মুক্তি সংগ্ৰাম সমিতি নেতৃত্বত আছু, যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাৰ সদস্যসকলে তিতাবৰ থানা ঘেৰাও কৰি দীপাংকৰ গগৈৰ পৰিয়ালক ন্যায় দিয়ক, দীপাংকৰ হত্যা কৰা দোষীক কঠোৰতম শাস্তি প্ৰদান কৰক , এছপি মোহনলাল মিনা, এছ ডি পি অ' কাকলি পাটগিৰি, অ'চি লক্ষ্মন কুমাৰ দাসক গ্ৰেপ্তাৰ কৰক, দীপাংকৰৰ পৰিয়ালৰ উপযুক্ত ব্যক্তিক চৰকাৰী চাকৰি দিয়ক আদি শ্লগান দি থানাৰ সন্মুখত পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে প্ৰায় দুঘণ্টা ধৰি প্ৰতিবাদ অব্যাহত ৰাখে ।

পৰিস্থিতি উত্তপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ পৰা এগৰাকী উপ-আৰক্ষী অধীক্ষ আহি উপস্থিত হয়। লগে লগে প্ৰতিবাদী ৰাইজে দীপাংকৰ গগৈৰ হত্যাৰ সন্দৰ্ভত যোৱা ২৭ ডিচেম্বৰ তিতাবৰৰ থানাত দাখিল কৰা গোচৰ তদন্তৰ অগ্ৰগতি কি পৰ্যায়ত আছে আৰু অসম চৰকাৰৰ মুখ্য সচিব কে চি চামৰীয়াৰ তদন্তৰ প্ৰতিবেদন কি হ'ল তাক জানিব বিচাৰে। কিন্তু আৰক্ষীয়ে দীপাংকৰ গগৈৰ গোচৰ আৰু তদন্তৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰিব নোৱাৰিলে।

ফলত ৰাইজে দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক ৪৮ ঘণ্টাৰ সময় বান্ধি দিছে। যদি ৪৮ ঘণ্টাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়া গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে। প্ৰত্যুত্তৰত ডি এছ পিগৰাকীয়ে কয় যে, তেওঁক মাথো ওপৰ মহলৰ পৰা খবৰ ল'বলৈ পঠাইছে। গতিকে আজি ৰাইজে জনোৱা দাবী শীৰ্ষ মহলক তেওঁ অৱগত কৰাব।

ইফালে আজি প্ৰতিবাদী সাব্যস্ত কৰাৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াই কয় যে, সেই সময়ত আমি তিতাবৰৰ ৰাইজ, দল সংগঠনে বাৰম্বাৰ কৈ আহিছিলো যে দীপাংকৰ গগৈক কেৱল সন্দেহৰ ভিত্তিত হত্যা কৰা হ'ল। গতিকে এই কথা ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এয়ে ছাৰ্জশ্বিট দাখিল কৰি জল জল পট পটকৈ প্ৰমাণ কৰিলে যোৰহাটৰ সেনা চাউনিৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত নাছিল। ইয়াৰ পিছত আমাৰ এটাই ক'বলগীয়া যে অনতিপলমে সেই সময়ৰ যোৰহাট জিলা আৰক্ষী অধীক্ষ মোহনলাল মিনা, মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু অ'চি লক্ষ্মন কুমাৰ দাসক গ্ৰেপ্তাৰ কৰিব লাগে।

তেওঁ পুনৰ কয় যে, ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰি চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে। অসমবাসী এতিয়া ওলাই অহাৰ সময় হৈছে। অসমত বৰ্তমান সন্দেহৰ ভিত্তিত নিৰীহ ব্যক্তিৰ ওপৰত এক্সট্ৰা জুদিচিয়েল যি এনকাউণ্টাৰৰ ডিজাইন কৰা হৈছে সেয়া বন্ধ কৰিব লাগে। এই ঘটনাত এন আই এয়ে ঘোষণা কৰিছে দীপাংকৰ গগৈ জড়িত নহয়। গতিকে এই ঘটনাক কেন্দ্ৰ কৰি আমি সমগ্ৰ অসমত ব্যাপক আন্দোলন গঢ়ি তুলিবলৈ ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ আহবান জনাইছো। যাতে ভৱিষ্যতে কোনো আৰক্ষী বিষয়া বা পুলিচে নীৰিহ ব্যক্তিক হত্যা কৰিবলৈ সাহসক নকৰে ।

উল্লেখযোগ্য যে,এন আই এয়ে কালি যোৰহাট লিচুবাৰী সেনা চাউনিত আলফাৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জৰিত চাৰি গৰাকী অভিযুক্ত ক্ৰমে বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুত গগৈৰ বিৰুদ্ধে ছাৰ্জশ্বিট দাখিল কৰাৰ লগতে মূল মাষ্টাৰ মাইণ্ড অভিজিত অসম, কনক অসম, ৰুমেল অসম আৰু আলফা স্বাধীনৰ স্বয়ম্ভূ কেপ্তেইন আইচেং অসম পলাতক ঘোষণা কৰে।

নিয়াই প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে ২০২৩ চনত অসমৰ এটা সামৰিক চাউনিত আলফা (আই)ৰ আক্ৰমণৰ সৈতে জড়িত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে মঙলবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই অভিযোগনামা দাখিল কৰে। সমগ্ৰ উত্তৰ-পূব ৰাজ্যৰ সেনা প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লোৱাৰ বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ হিচাপে যোৱা ১৪ ডিচেম্বৰত যোৰহাট জিলাৰ লিচুবাৰীৰ সামৰিক চাউনিত নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ দুজন মটৰ চাইকেল আৰোহী কেডাৰে গ্ৰেণেড নিক্ষেপ কৰিছিল। অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত থকা সেনা শিবিৰত অনুৰূপ আক্ৰমণৰ এমাহ নৌহওঁতেই সংঘটিত হয়।

২০২৩ চনৰ ১৫ ডিচেম্বৰত আলফা স্বাধীনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছিল। দুয়োটা আক্ৰমণকে সামৰি লোৱা সমগ্ৰ ষড়যন্ত্ৰটোৰ মাষ্টাৰমাইণ্ড আছিল ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা আলফা চীফ পৰেশ বৰুৱা ওৰফে পৰেশ অসম। এই আক্ৰমণৰ আঁৰৰ আন এজন মূল ষড়যন্ত্ৰকাৰীক চিনাক্ত কৰা হৈছে সংগঠনটোৰ স্বয়ম্ভূ ব্ৰিগেডিয়াৰ অৰুনোদয় দহোটিয়া ওৰফে অৰুণোদয় অসম।

এই ঘটনা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা হাতত লোৱাৰ পাছত যোৰহাট গোচৰ RC-01/2024/NIA/GUWৰ NIA গোচৰৰ ভিত্তিত বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুত গগৈ নামৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। বুধবাৰে তিনিওজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। লগতে এছ এছৰ কেপ্তেইন আইচেং আছোম এতিয়াও পলাতক হৈ আছে।

চাৰিওজনৰ বিৰুদ্ধে আইপিচি, ইউএ (পি) এ আৰু বিস্ফোৰক পদাৰ্থ আইনৰ সংশ্লিষ্ট ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে। ইফালে নিয়াৰ এই প্ৰেছ বিজ্ঞপ্তিত তিতাবৰৰ নিৰীহ যুৱক দীপাংকৰ গগৈৰ নাম নথকাত ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে এই গ্ৰেণেড বিস্ফোৰণ অভিযুক্ত নাছিল। তদুপৰি দীপাংকৰ গগৈৰ মৰণত্তোৰ প্ৰতিবেদনতো স্পষ্ট কৈ লিখা আছিল যে দীপাংকৰক মৃত্যুৰ পূৰ্বে গধূৰ অস্ত্ৰৰে আঘাত কৰা হৈছিল।

গতিকে এই দুয়োটা প্ৰতিবেদনে স্পষ্ট কৰিছে যে দীপাংকৰ গগৈ যোৰহাটৰ সেনা চাউনিত গ্ৰেণেড বিস্ফোৰণত জড়িত নাছিল আৰু তেওঁৰ মৃত্যু গধূৰ অস্ত্ৰৰে আঘাত কৰাৰ ফলত হৈছে। পৰিয়ালৰ লোকে সেই সময়ত আৰক্ষীৰ নিৰ্যাতনত দীপাংকৰ গগৈৰ মৃত্যু হোৱা বুলি এজাহাৰ দাখিল কৰিছিল যদিও সেই গোচৰ আৰক্ষী পেলাই থয়।

আনহাতে চৰকাৰে মুখ্য সচিব কে এছ চামাৰীয়াই তদন্ত কৰিছিল যদিও এদিন ৰাজহুৱা শুনানি লোৱাৰ পিছত আজি ছমাহেও কোনো প্ৰতিবেদন দাখিল নকৰিলে। কিন্তু শেহতীয়া এন আই এয়ে প্ৰকাশ কৰা প্ৰতিবেদনৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিছে। সেয়ে এন আই এৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতেই যোৰহাট আৰক্ষী অধীক্ষক মোহনলাল মিনা ,মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰ আৰক্ষী বিষয়া লক্ষ্মন কুমাৰ দাস বিৰুদ্ধে সৰৱ হৈ পৰিছে দীপাংকৰ পৰিয়ালৰ লগতে বিভিন্ন দল, সংগঠন।