যোৰহাট

নিয়মীয়াকৈ মাচুল পৰিশোধ কৰাৰ পিছতো ৫২ হাজাৰ টকাৰ বিদ্যুৎ বিল

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজান : স্মাৰ্ট মিটাৰে বিদ্যুতৰ উপভোক্তাক জলাকলা খুওৱাৰ সময়তে তিতাবৰ বিদ্যুৎ উপসংমণ্ডল বিভাগে নিয়মীয়াকৈ বিল পৰিশোধ কৰাৰ পিছতো ৫২ হাজাৰ টকা বিল প্ৰেৰণ কৰি গ্ৰাহকক হাৰাশাস্তি কৰা অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি বৰহোলা নগাবাটৰ পাহাৰী নৰহ গগৈ নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যুৎ বিল নিয়মীয়াকৈ মাচুল পৰিশোধ কৰি থকাৰ পিছতো কোনোবা মনোজ গগৈৰ নামত ৫২ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে পাহাৰী নৰহ গগৈয়ে তেওঁৰ 176010064592 উপভোক্তা নম্বৰত বিদ্যুৎ মাচুল যোৱা জুন মাহত ২৪১ টকা বিদ্যুত মাচুল পৰিশোধ কৰিছিল। ইয়াৰ পিছত পুনৰ চলিত জুলাই মাহত ৪৭ হাজাৰ টকাৰ এখন বিল প্ৰেৰণ কৰে।

কেৱল এয়াই নহয় ৪৭ হাজাৰ ৯২১ টকাৰ বিদ্যুতৰ বিল প্ৰেৰণ কৰাৰ চাৰি দিনৰ পিছত পুনৰ ৫২ হাজাৰ ৬৩ টকাৰ অন্য এখন বিল প্ৰেৰণ কৰে। মাত্ৰ চাৰি দিনত বিদ্যুৎ বিভাগে ৪, ১৪২ টকা চক্ৰবৃদ্ধি সুত লগাই দিয়ে ।

উপভোক্তাগৰাকীয়ে বিদ্যুৎ বিভাগৰ এনে বিল পাই আচৰিত হৈ পৰে। লগে লগে পাহাৰী নৰহ গগৈয়ে তেওঁৰ বিদ্যুতৰ মাচুল কেনেকৈ ইমান বেছি আহিছে তাৰ কাৰণ জানিব বিচৰাত তিতাবৰ উপসংমণ্ডল বিভাগে এবছৰ পূৰ্বে মনোজ গগৈ নামৰ ব্যক্তিজনৰ বিল প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে ।

পাহাৰী নৰহ গগৈয়ে তিতাবৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত গৈ মনোজ গগৈৰ নামত অহা ৫২ হাজাৰ ৬৩ টকাৰ বিল পৰিশোধ কৰিব নোৱাৰে কিয়নো তেওঁ নিজৰ নামত বিদ্যুৎ সংযোগ লৈছে কোনো মনোজ গগৈৰ নামত বিদ্যুৎ সংযোগ লোৱা নাই । গ্ৰাহকৰ অভিযোগ শুনিব নোখোজা তিতাবৰ বিদ্যুৎ বিষয়াগৰাকীয়ে চূড়ান্ত মইমতালিৰে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়ে।

শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে আজি কিছুদিন আগতে নগাবাট দুজনমান বিদ্যুৎকৰ্মীয়ে আহি তেওঁৰ সন্তানৰ পৰা মবাইলৰ নম্বৰৰ সংগ্ৰহ কৰি মনোজ গগৈৰ বিলত মবাইল নম্বৰটো অন্তৰ্ভুক্ত কৰি দিয়ে । ফলত এতিয়া মনোজ গগৈৰ নামৰ লোকজনৰ বিদ্যুতৰ বিল পাহাৰী নৰহ গগৈক পৰিশোধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছে।

পাহাৰী গগৈয়ে আন উপভোক্তা বিল নিদিয়াৰ বাবে তিতাবৰৰ বিদ্যুৎ বিভাগে সংযোগ কাটি দি মানসিক অত্যাচাৰ আৰম্ভ কৰাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে বিদ্যুৎ বিলত উল্লেখ থকা মনোজ গগৈ নামৰ লোকজন ঘৰ শুকাজানত ।

আনহাতে পাহাৰী গগৈৰ ঘৰ হৈছে নগাবাটত। তিতাবৰ বিদ্যুৎ বিভাগে আনৰ বিলৰ নামত অন্য এগৰাকী গ্ৰাহকলৈ বিদ্যুৎ বিল প্ৰেৰণ কৰি সংযোগ বিছিন্ন কৰাৰ অধিকাৰ ক'ত পালে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখযোগ্য বৰ্তমান তিতাবৰ বিদ্যুৎ বিভাগে সংযোগ কৰা স্মাৰ্ট মিটাৰ ব্যাপক বিসংগতি বাবে এতিয়া সাধাৰণ দৰিদ্ৰ লোকৰ বিদ্যুৎ মাচুল এহেজাৰ -বাৰশ টকাকৈ আহিবলৈ ধৰিছে। ফলত গাঁৱৰ ৰাইজে বিদ্যুতৰ মাচুলত চকুৱে সৰিয়হ ফুল দেখিছে। তাতে আকৌ এতিয়া তিতাবৰৰ দুখীয়া ৰাইজে এমাহ বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নোৱাৰিলে সংযোগ কাটি দি হাৰাশাস্তি কৰি আহিছে। তিতাবৰ বিদ্যুত বিভাগৰ এনে অন্যায়ৰ বিৰুদ্ধে শীঘ্ৰে গ্ৰাহক সুৰক্ষা আদালতৰ কাষ চাপিব বুলি জানিবলৈ দিছে।