যোৰহাট

চাহ বাগিচাৰ ৰাইজে বিমুখ কৰিলে গৌৰৱ গগৈকঃ সভালৈ আহিল মাত্ৰ ৫০-১০০জন

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ ৰাজ্যত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ। কি বিজেপি কি কংগ্ৰেছ জোৰদাৰ প্ৰচাৰ অভিযান সকলোৰে। হাজাৰ হাজাৰ সমৰ্থকেৰে ভৰিছে বিজেপিৰ নিৰ্বাচনী সভা। চলি আছে বিজেপিত যোগদান কাৰ্যসূচী। কিন্তু তাৰমাজতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী সভাত বিপৰীত দৃশ্য।

চাহ বাগিচাৰ ৰাইজে কিছু বিমুখ কৰা দেখা গ'ল গৌৰৱ গগৈক। যিমানেই জনতাৰ মাজত প্ৰচাৰ চলাবলৈ আগবাঢ়িছে সিমানেই যেন গৌৰৱৰ পৰা পিছুৱাই গৈছে ৰাইজ। নাজিৰা মাদুৰি চাহ বাগিছাত প্ৰচাৰ চলাবলৈ গৈছিল গৌৰৱ গগৈ। পিছে সভালৈ আহিল মাত্ৰ ১০০ জন মানহে লোক। যেন একপ্ৰকাৰ কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে বাগানৰ ৰাইজে।‌

একেই পৰিৱেশ নাজিৰা লিগিগীপুখুৰী চাহ বাগিছাতো। গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভালৈ আহিল মাত্ৰ ৫০ জন লোক। নাজিৰা লক্ষ্মীজান চাহ বাগিছাত ১০০ জন লোক। নাজিৰা মুদি নগৰ চাহ বাগিছাতো প্ৰায় ৬০-৭০ জনৰ উপস্থিতি। নাজিৰা আঠখেল চাহ বাগিছাত প্ৰায় ১০০ জন। গৌৰৱ গগৈৰ সভাত মাত্ৰ ৫০-১০০ জন মান লোকৰ উপস্থিতিয়ে এতিয়া চিন্তিত কৰিছে গৌৰৱ গগৈক।

এফালে প্ৰত্যেক দিনাই বিজেপিলৈ গমন কৰিছে কংগ্ৰেছীয়ে। আনফালে সেৰেঙা, শান্ত পৰিৱেশত চলিছে গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ। একপ্ৰকাৰ অসমৰ প্ৰেক্ষাপটত স্পষ্ট হৈ পৰিছে কংগ্ৰেছ শূণ্য হ'বলৈ গৈ আছে অসম। চাহ বাগিচাৰ ৰাইজে সহাঁৰি নজনোৱাটোৱে এতিয়া তাকেই প্ৰতিফলিত কৰিছে।