যোৰহাট

পূৱেৰুণ সংঘৰ উদ্যোগত যোগাব্দী বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ বৰহোলাৰ পূৱেৰুণ সংঘৰ উদ্যোগত বুধবাৰৰ পৰা আৰম্ভ হৈছে নৱম বাৰ্ষিক যোগাব্দী বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। বুধবাৰে প্ৰথম দিনটোত ঘিলাধাৰী চাহ বাগিছা ফুটবল দল আৰু শিলিখা চাহ বাগিছা ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ শুভ উদ্বোধন কৰে সদৌ চুতীয়া জাতি সন্মিলন সভাপতি বিবুল হাজৰিকাই।

পূৱেৰুণ সংঘৰ সভাপতি অনন্ত গগৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী ছফিকুল হক, শিশু সাহিত্যিক তিলো সোণোৱাল, বৰহোলা চাহ বাগিছাৰ পৰিচালক দেৱানন্দ বৰুৱা, যুৱ সমাজকৰ্মী দেৱজিৎ সোণোৱাল, সাংবাদিক অজয় শইকীয়া, যোগাব্দী বৰুৱা সোঁৱৰণী ফুটবলৰ দাতা পৰিয়ালৰ হৈ বিমান বৰুৱা, দেৱজ্যোতি সোণোৱাল, তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মুনিন্দ্ৰ হাজৰিকা আদি অতিথি হিচাপে উপস্থিত থাকে।

বুধবাৰে অতি উত্তেজনাপূৰ্ণ খেলখনত শিলিখা চাহ বাগিছা ফুটবল দলে ঘিলাধাৰী চাহ বাগিছা ফুটবল দলক ১-০ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয়। খেলখন পৰিচালনা কৰে ৰাতুল শইকীয়াই আৰু লাইনত সহায় কৰে এলবাৰ্ট তপ্ন, মজিন শইকীয়াই।