যোৰহাট

যোৰহাট 'বি' ডিভিজন ক্ৰিকেট লীগ সম্পন্ন : দিগন্ত ক্লাৱ চেম্পিয়ন

Asomiya Pratidin

ডিজিটেল সংবাদ,যোৰহাট : যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰয়াত খেমা বৰদলৈ সোঁৱৰণী আন্তঃক্লাব 'বি' ডিভিজন ক্ৰিকেট লীগ ২০২৪ প্ৰতিযোগিতাত ফ্ৰেছাৰ্ছ ক্লাবক ২১ ৰাণত পৰাজিত কৰি দিগন্ত ক্লাবে 'বি' ডিভিজন প্ৰতিযোগিতাৰ চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। মঙলবাৰে বিজয়ৰ জৰিয়তে দিগন্ত ক্লাব দলটোৱে পৰৱৰ্তী বৰ্ষত জিলা ক্ৰীড়া সন্থাৰ 'এ' ডিভিজন ক্ৰিকেট লীগ খেলাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আজি অসম কৃষি বিশ্ববিদ্যালয় খেলপথাৰত ফ্ৰেছাৰ্ছ ক্লাৱ আৰু দিগন্ত ক্লাৱৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখনত দিগন্ত ক্লাৱে প্ৰথমে বেটিং কৰিবলৈ লৈ ৰিতিক ঠাকুৰৰ অপৰাজিত ৫২, ৰোহিত যাদৱৰ ২৫ আৰু সৌৰভ শইকীয়াৰ ১৮ ৰাণৰ সহযোগত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১১১ ৰাণ সংগ্ৰহ কৰে। ফ্ৰেছাৰ্ছ ক্লাবৰ হৈ অলকেশ শৰ্মা আৰু ৰাজীৱ গোস্বামীয়ে এটাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত ফ্ৰেছাৰ্ছ ক্লাৱে মনোজ তাঁতীৰ ২৭ আৰু হিমাংশু বৰাৰ ২৫ ৰাণৰ সহযোগত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ৯০ ৰাণতে ইনিংছ সমাপ্তি ঘটে। দিগন্ত ক্লাবৰ হৈ ৰিতিক ঠাকুৰে ৩টা আৰু দিব্যজ্যোতি বৰাই ২টা উইকেট লাভ কৰে।

আজি চূড়ান্ত খেলখনত মেন অৱ দা মেছ সন্মান লাভ কৰে দিগন্ত ক্লাবৰ ৰিতিক ঠাকুৰে। লগতে বেষ্ট বেটছমেন অৱ দা টুৰ্নামেণ্ট সন্মান লাভ কৰে দিগন্ত ক্লাবৰ ৰোহিত যাদৱে, বেষ্ট বলাৰ অৱ দা টুৰ্নামেণ্ট সন্মান লাভ কৰে দিগন্ত ক্লাবৰ দিব্যজ্যোতি বৰাই আৰু প্লেয়াৰ অফ দা টুৰ্নামেণ্ট সন্মান লাভ কৰে টীয়ক কেলভিন ক্লাবৰ চাদিক হুছেইনে।

খেলৰ অন্তত ঠাইতে অনুষ্ঠিত বঁটা বিতৰণী সভাত চেম্পিয়ন দলক বঁটা প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰেজিষ্টৰ তপন গোহাঁইয়ে আৰু ৰাণাৰ আপ দলক বঁটা প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বৰাই।