যোৰহাট

তিতাবৰ পৌৰসভাত অথন্তৰঃ দুই পাৰিষদৰ পদত্যাগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে তিতাবৰ পৌৰসভা। বিজেপিৰ দখলত থকা তিতাবৰ পৌৰসভাৰ দুগৰাকী বিজেপি সদস্যৰ পদত্যাগে এই ইংগিতে বহন কৰিছে পৌৰসভাখনত। পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা ১০ নং ৱাৰ্ডৰ সদস্য ৰাজীৱ দত্ত আৰু ৮ নং ৱাৰ্ডৰ সদস্যা নিপা লাহনে বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে।

ৰাজ্যিক সভাপতি ভৱেশ কলিতাক দুয়োগৰাকীয়ে ই-মেইলযোগে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। পৌৰপতি ৰূপা দত্ত শইকীয়াই পৌৰসভাত একনায়কত্ববাদ চলোৱাৰ গুৰুতৰ অভিযোগ আনিছে দুই পদত্যাগী সদস্যই। পৌৰপতিৰ স্বামী কোষেশ্বৰ শইকীয়াই পত্নী ৰূপা দত্ত শইকীয়াৰ ক্ষমতাৰ বলীয়ান হৈ পৌৰসভাৰ সকলো উন্নয়নমূলক কামত অবাধ হস্তক্ষেপ কৰি পৌৰসভাখনৰ মৰ্যদা হানি কৰাৰ ভয়ংকৰ অভিযোগ পদত্যাগী সদস্য দুগৰাকীৰ।

বিশেষকৈ তিতাবৰ পৌৰসভাৰ নিৰ্ধাৰিত শিতানৰ ৫৬ লাখ টকাৰ পানী যোগান প্ৰকল্পৰ তিনিটা কাম পৌৰপতিৰ স্বামী কোষেশ্বৰ শইকীয়াই নীতি বৰ্হিভূতভাবে নিজৰ এগৰাকী ঘনিষ্ঠ ঠিকাদাৰক প্ৰদান কৰাত আপত্তি দৰ্শাইছে দুয়োগৰাকী সদস্যই। শেহতীয়াকৈ চতুদৰ্শ বিত্তীয় আয়োগৰ ১ কোটি ৭০ লাখ টকা কামৰ ঠিকা আৱণ্টনতো পৌৰপতি গৰাকীৰ স্বামীয়ে অসাংবিধানিক আৰু নিয়ম বৰ্হিভূতভাবে এজন ঠিকাদাৰক তিনিটাৰ পৰা পাঁচটালৈকে কামৰ আবণ্টন দি পৌৰসভাক দুৰ্নীতিৰে লুটুৰি-পুতুৰি কৰিছে বুলি মত প্ৰকাশ কৰে।

পৌৰপতি আৰু স্বামীৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ৰাজ্যিক নেতৃত্ব আৰু মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ দুয়োগৰাকী সদস্যৰ। তদুপৰি যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই পৌৰপতি গৰাকীক ৰক্ষণাবেক্ষণ দিয়া আৰু পৌৰসভাৰ কামকাজত অবাধ হস্তক্ষেপ কৰা বুলি বিৰোধীতা কৰি বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে দুয়োগৰাকী ৱাৰ্ড সদস্যই।

ঠিকা আবণ্টনৰ বিষয়ক কেন্দ্ৰ কৰি সৰ্বত্ৰে উচ্চাৰিত হোৱা দুৰ্নীতিৰ প্ৰসংগ তল পেলাবলৈকে পৌৰপতি ৰূপা দত্ত শইকীয়াই বিগত ৬ জুলাইত এখন পদত্যাগৰ নাটক ৰচনা কৰাৰো অভিযোগ। বিজেপিৰ এটা হোৱাটচ আপ গ্ৰুপত পদত্যাগ পত্ৰ দাখিল কৰি ৰহস্যজনকভাবে দুঘণ্টাৰ ভিতৰতে উঠাই লৈছিল পদত্যাগ পত্ৰ। উল্লেখ্য সম্প্ৰতি ১০ জনীয়া তিতাবৰ পৌৰসভাত বিজেপিৰ ৬ গৰাকী সদস্যৰ পৰা ৪ গৰাকীলৈ হ্ৰাস পালে। আনহাতে পৌৰসভাখনত ৪গৰাকী কংগ্ৰেছৰ সদস্য আছে।