যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ... 
যোৰহাট

যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাট আৰক্ষীৰ গুলীত আহত হৈছে এটা চোৰ। আহত চোৰটোৰ নাম কুশ কুটুম। উল্লেখ্য যে, যোৰহাট ৰান্ধনী জানৰ চোৰটোক দুদিনৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু চোৰটোৱে আৰক্ষীয়ে জিম্মাৰ পৰা আজি পুৱতি নিশা পলয়নৰ চেষ্টা চলাই। ফলত আৰক্ষীৰ গুলীত আহত হয় কুশ কুটুম।

জানিব পৰা মতে আদালতত হাজিৰ কৰাৰ পাছত এদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল কুশ কুটুমক। কুশৰ লগতে আন তিনিটা চোৰকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে চোৰ কুশ কুটম।এই ঘটনাৰ সন্দৰ্ভত পুলিৰ আৰক্ষী থানাত  ৬০/২৪ ধাৰা ৩৮০/৩৪ ভিত্তিত এক গোচৰ ৰুজু হৈছে।