যোৰহাট

তিতাবৰত পিঞ্জৰাবদ্ধ নাহৰফুটুূকী

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ শনিবাৰে পুৱাই তিতাবৰৰ বৰবাম চুঙীৰ ৰঙাজান চাহ বাগিচাত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। জানিব পৰা মতে, কেইবাদিনো ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আছিল বাঘটোৱে।

শনিবাৰে পুৱা বন বিভাগে বাঘটোক আটক কৰিবলৈ পাতি ৰখা পিঞ্জিৰাত আবদ্ধ হয় নাহৰ ফুটুকী বাঘটো। বাঘটো পিঞ্জিৰাবদ্ধ হোৱাত স্থানীয় ৰাইজে কিছু সকাহ অনুভৱ কৰিছে যদিও অঞ্চলটোত আৰু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।