যোৰহাট

মৰিয়নিত শব্দৰ উদ্যোগত ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ 'দকচিৰি'

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নিত শব্দৰ উদ্যোগত পাঁচদিনীয়াকৈ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱ 'দকচিৰি' উদযাপন কৰা হৈছে। ষষ্ঠ বৰ্ষত ভৰি দিয়া এই উৎসৱত সাহিত্যৰ ওপৰত আলোচনা চক্ৰ, কবিতা সন্মিলন, গ্ৰন্থমেলা, প্ৰদৰ্শনী, নাটক প্ৰদৰ্শন আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

৯ পৰা ১৩ফেব্ৰুৱাৰীৰ লৈকে মৰিয়নিৰ গন্ধিয়া মিচিং গাঁওৰ টীয়ক নদীৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত আয়োজন কৰা এই উৎসৱত অসমৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইগৰাকী কবি সাহিত্যিকে অংশগ্ৰহণ কৰিব।