যোৰহাট

মৰিয়নিৰ নিখোজ ছাত্ৰীয়ে পৰিয়াললৈ নিশা কৰিলে ফোন,ক'লে এই কথা...

Asomiya Pratidin

ডিজিটেল সংবাদ,মৰিয়নি : যোৰহাট জিলাৰ মৰিয়নিৰ পৰা সন্ধানহীন হৈ থকা ৫গৰাকী ছোৱালীৰ ভিতৰত এগৰাকীয়ে ফোনযোগে জানিবলৈ দিছে যে, তেওঁ ২০ ফেব্ৰুৱাৰীত ঘৰলৈ উভতি আহিব। সন্ধানহীন এগৰাকী ছাত্ৰীয়ে শনিবাৰে নিশা ঘৰলৈ ফোন কৰি জনালে বহু কথা।

তেওঁলোক সম্প্ৰতি সুৰক্ষিত অৱস্থাতে আছে। লগতে কয় যে, তেওঁলোক কলকাতাৰ আশে-পাশে আছে। ২০ নাইবা ২১ ফেব্ৰুৱাৰীত ৰে'লযোগে গুৱাহাটী অভিমুখে যাত্ৰাৰ কৰাৰ কথাও ফোনযোগে জানিবলৈ দিয়ে।

অনুষ্কা কোঁচে নামৰ ছাত্ৰীগৰাকীয়ে ঘৰলৈ কৰা এক টেলিফোনিক বাৰ্তালাপত ২০ ফেব্ৰুৱাৰীত ঘৰলৈ উভটিব বুলি জনায়। ছাত্ৰী দুগৰাকীৰ লগত একেলগে আৰু তিনিগৰাকী যুৱতী বাংগালুৰলৈ যোৱাৰ কথা প্ৰকাশ কৰিছে অনুষ্কাই।

আনহাতে তেওঁৰ লগতে আন দুগৰাকী ছাত্ৰীয়ে সন্ধানহীন হোৱাৰ বাতৰি প্ৰকাশ পোৱাত ক্ষোভ প্ৰকাশ কৰে। ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছত অসম আৰক্ষীয়ে তৎপৰতাৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। বাংগালুৰু আৰক্ষীৰে অসম আৰক্ষীয়ে স্থাপন কৰিছে যোগাযোগ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে অসম আৰক্ষীয়ে প্ৰেৰণ কৰিছে সবিশেষ তথ্য। ছাত্ৰী দুগৰাকীক বাংগালুৰলৈ পঠোৱাত সহায় কৰা প্ৰিতৃশা ৰে নামৰ যুৱতীগৰাকীয়ে আৰক্ষীক ভাবুকি প্ৰদান কৰাৰ কথাও পোহৰলৈ আহিছে।

তেওঁ কয়- "ঘৰলৈ আৰক্ষী আহিলে মই আত্মহত্যা কৰিম।" এই সমগ্ৰ ঘটনাৰ লগত শক্তিশালী এটা চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই।