যোৰহাট

মৰিয়নি আৰক্ষীৰ জালত ব্লেক মেইলিং চক্ৰঃ সাংবাদিকৰ মোবাইল জব্দ আৰক্ষীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নিৰ এখন হোটেলত থকা দুজন ৰাজস্থানী ব্যক্তিক ব্লেক মেইলিং কৰি ধন ঘটিবলৈ যোৱা এটা চক্ৰক উৎখাত কৰিছে আৰক্ষীয়ে। ঘটনা অনুসৰি মৰিয়নি নগৰৰ চেহনাই বিবাহ ভৱনত আছিল ৰাজস্থানৰ চিকৰ জিলাৰ মহিপাল সিং আৰু সুনিল শৰ্মা নামৰ ভুক্তভোগী দুজন। মঙলবাৰে আবেলি উক্ত বিবাহ ভৱনটোত এজন যুৱক আৰু তিনিগৰাকী যুৱতী উপস্থিত হৈ বলপূৰ্বক ভাৱে ভুক্তভোগী দুজনৰ কোঠাত প্ৰৱেশ কৰাৰ চেষ্টা কৰে।

ইয়াৰ পাছতেই ব্যক্তি দুগৰাকীক যুৱতী কেইগৰাকীৰ সৈতে বিয়া পাতিবলৈ হেঁচা দি দাবী ধমকি দিয়ে যুৱকজনে। ঘটনাৰ বিষয়ে হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বিবাহ ভৱনটোৰ পৰা ৩গৰাকী যুৱতী এজন যুৱকসহ ৰাজস্থানী ব্যক্তি দুগৰাকীক আটক কৰি থানালৈ নিয়ে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ইকবাল আহমেদ নামৰ যুৱকজনে দুই ৰাজস্থানী ব্যক্তিক হানী ট্ৰেপিংৰ জালত পেলোৱাৰ পৰিকল্পনা কৰা বুলি পোহৰলৈ আহিছে।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ৮৮\২৩ নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধী আইনৰ ৪৪৮\৪১৯\১২০(বি)\৫০৬\৩৮৪\৫১১ ধাৰাত ইকবাল আহমেদক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে উক্ত ঘটনাৰ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা মৰিয়নিৰ সাংবাদিক সপোন ৰহমান শইকীয়াৰ মোবাইল ফোনটোও মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুনীন চুতীয়াই জব্দ কৰে বুলি সদৰী কৰিছে।