যোৰহাট

তিতাবৰত পথ সুৰক্ষা জনজাগৰণ সভাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

Asomiya Pratidin

ডিজিটেল সংবাদ,তিতাবৰ : অসম চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ সজাগতামূলক বাইক ৰে'লী তথা যান-বাহন পীড়িতসকলৰ বিশ্ব স্মৰণ দিৱসৰ বাবে তিতাবৰত পথ-সুৰক্ষা জনজাগৰণ সভা আয়োজন কৰা হয়। পথ সুৰক্ষাৰ অৰ্থে জনজাগৰণ সৃষ্টিৰ বাবে বুধবাৰে এই সভাত উপস্থিত হয় পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য

উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জন আন্দোলনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মন্ত্রীগৰাকীয়ে ৰাজপথত মটৰ চাইকেল চলাই তিতাবৰত জন আন্দোলন কাৰ্যসূচীত উপস্থিত হয়।

মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত যুৱপ্ৰজন্ম তথা তেওঁলোকৰ অভিভাৱকসকলক উদ্দেশ্যি কয় যে, মটৰ চাইকেল তথা গাড়ী চলাওঁতে হেলমেট আৰু ছিটবেল্ট পৰিধান কৰি সতৰ্কতা অৱলম্বন কৰাৰ লগতে সকলোকে পথৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়।আজিৰ এই পথ সুৰক্ষা আন্দোলনত তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক, জিলা পৰিবহন বিষয়া, আবকাৰী বিষয়াৰ লগতে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।