যোৰহাট

সুদখোৰৰ ৰূপত বিজেপি কৰ্মী!

Asomiya Pratidin

ডিজিটেল সংবাদ. মৰিয়নিঃ সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে সুদখোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । তৎস্বতেও কিন্তু বহু অঞ্চলত এতিয়াও সুদখোৰৰ পৰা পৰিত্ৰাণ পোৱা নাই দৰিদ্ৰ জনতাই ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সুদখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা সুদখোৰক গ্ৰেপ্তাৰ কৰিছে । কিন্তু এতিয়াও আৰক্ষীৰ অজ্ঞাতে ৰাজ্য ভিন্ন প্ৰান্তত সুদখোৰৰ উপদ্ৰপ চলি আছে । মৰিয়নিত সুদখোৰ ৰূপী এজন বিজেপি কৰ্মীৰ তাণ্ডৱত অতিষ্ঠ হৈ পৰিছে কেইবাজনো দৰিদ্ৰ ব্যক্তি ।

অভিযোগ অনুসৰি দিলীপ দে' আৰু ৰূমা দে' নামৰ সুদখোৰ ৰূপী দম্পতিহালক টকাৰ বিনিময়ত ২০শতাংশ সুত দিব নোৱাৰাৰ বাবে সংগীতা সৰকাৰ নামৰ মহিলাগৰাকীৰ ঘৰত ভয় ভাবুকিৰে তাণ্ডৱ চলায় দুই সুদখোৰে । সুদখোৰ ৰূপী বিজেপি নেতা দিলিপ দেৰ গৃহত বনকৰা মহিলা হিচাপে কৰ্মৰত সংগীতা সৰকাৰৰ পাচঁ মাহৰ মাহিলি বেতন বন্ধ কৰি থোৱাৰ অভিযোগ উঠিছৈ ।

মনকৰিবলগীয়া যে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হোৱাৰ বিপৰীতে মৰিয়নি আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে সুদখোৰৰ হাতত সৰ্বসস্বান্ত বহু দৰিদ্ৰই।