যোৰহাট

ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ ফুটবল প্ৰতিযোগিতা : চূড়ান্ত খেলত অসমৰ সন্মুখত হাৰিয়ানা

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাট : যোৰহাটৰ লগতে অসমৰ বাবে এটি সু-খবৰ। দুকুৰি বছৰৰ অন্তত যোৰহাটত পুনৰ অনুষ্ঠিত হৈছে এখনি ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। ১৯৮৪ চনৰ পৰা যোৰহাটত কোনো এখন ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত নোহোৱাৰ অন্তত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত আয়োজক অসমে উদ্বোধনীৰ পৰা ছেমিলৈকে এখনো খেলত পৰাজিত নোহোৱাকৈ দুৰ্দান্তভাৱে খেলি অপৰাজেয় হৈ আছে।

ইয়াৰ সুবাদত ফাইনেলত প্ৰৱেশ কৰিছে অসম। শুকুৰবাৰে প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত হাৰিয়ানাৰ বিপক্ষে অৱতীৰ্ণ হ’ব অসম।

উল্লেখ্য যে এই প্ৰতিযোগিতাৰ ছেমিত ৰাজস্থানক ৩-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেললৈ যাত্ৰা কৰিছে আয়োজক অসম। লীগত ১২ পইণ্ট আৰু ২০ গ’লেৰে শীৰ্ষস্থানত থকা অসমে ছেমিলৈকে মুঠ ২৩টাকৈ গ’ল দিয়ে।

অসম দলটোৰ প্ৰতিভাসম্পন্ন খেলুৱৈ তন্ময় বৰুৱাই প্ৰতিযোগিতাখনত মুঠ ৮টাকৈ গ’ল দিয়াৰ লগতে ছেমি ফাইনেলত খেলুৱৈজনে অধিনায়কৰ দৰে গুৰুদায়িত্ব মূৰত লৈ দলটোক আগুৱাই নিয়ে। লগতে নিজে এটা হেটট্ৰিকো অৰ্জন কৰা অসম দলটোৰ চামুইল দৈমাৰীয়ে ৩টা, টমাচ দৈমাৰীয়ে ৩টা, চাহিৰ কুজুৱে ২টা, ৰাহুল বাল্মীকি, চাহিৰ কুমাৰ, উদয়ন, কাঞ্চন হাতীমুৰীয়া, অৰূপ কৰৰ্মকাৰ আৰু দ্বীপ থাওচে প্ৰতিযোগিতাখনত একোটাকৈ গ’ল কৰিবলৈ সক্ষম হৈছে।

শুকুৰবাৰে বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’বলগা চূড়ান্ত খেলখন উদ্বোধন কৰিব ১৯৭৯ চনত এই ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমে প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন কৰা অসম দলৰ অধিনায়ক লুহিত গগৈয়ে। খেলখনত উপস্থিত থাকিব এ আই এফ এফৰ কোষাধ্যক্ষ কৃপা অজয়।