যোৰহাট

জন্ম হোৱাৰ কেইদিনমান পাছতেই নৱজাতকক হত্যা কৰি পেলাই থৈ গ'ল হাবিৰ মাজত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যোৰহাটৰ ককিলামুখত সংঘটিত হৈছে মানৱ সমাজত লজ্জানত কৰা এক ঘটনা। ককিলামুখস্থিত মথাউৰিৰ কাষৰ হাবিত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ। বুধবাৰে উদ্ধাৰ হয় মৃতদেহটো।

পলিথিনেৰ মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে স্থানীয়লোকে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহটো প্ৰত্যক্ষ কৰে।

জানিব পৰা মতে শিশুটিৰ হাতত যোৰহাট মেডিকেল কলেজৰ ষ্টিকাৰ লাগি আছিল। ষ্টিকাৰত উল্লেখ আছে পিতৃ অনিল পেগু, মাতৃ তুন্তী পেগুৰ নাম।

শিশুটিক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। আনহাতে ১২ ফেব্রুৱাৰীত শিশুটিৰ জন্ম হোৱাৰ তথ্য লাভ।

আৰক্ষীয়ে নৱজাতকটিৰ মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে JMCHলৈ প্ৰেৰণ কৰিছে। কোনে কি কাৰণে হত্যা কৰিলে শিশুটিক এয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।