যোৰহাট

নৰৱেৰ বিজ্ঞানী দলৰ অসমৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাট: জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত অসমৰ কৃষিক্ষেত্ৰত অহা শেহতীয়া পৰিবৰ্তনৰ মোকাবিলা কৰি কৃষি আৰু কৃষকক সুৰক্ষা দিয়াৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি পৰ্যবেক্ষণৰ বাবে নৰৱে চৰকাৰৰ এটা বিশেষ প্ৰতিনিধি দলে উজনি অসমত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। নৰৱে চৰকাৰৰ পুঁজিৰে অসমত ৰূপায়িত হৈ থকা বিশেষ প্ৰকল্পৰ অধীনত এই দলটোৱে উজনি অসমৰ গোলাঘাট আৰু যোৰহাট জিলাৰ কেইবাখনো গাঁৱৰ খেতিপথাৰ পৰিদৰ্শন কৰে।

নৰৱে উচ্চায়ুক্তৰ কাউন্সেলৰ এন্ড্ৰিয়াছ বেঞ্জামিন চাহেই নেতৃত্বত অহা দলটোৱে গোলাঘাট জিলাৰ মেৰাপানী আৰু শিৱসাগৰ জিলাৰ দিখৌমুখৰ কৃষি এলেকা পৰিদৰ্শন কৰি কৃষকৰ সৈতে মত বিনিময় কৰে। উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে নৰৱে চৰকাৰৰ পুঁজিৰে ৰূপায়িত হৈ থকা জলবায়ু স্থিতিস্থাপকতা প্ৰকল্পৰ অধীনত অসমৰ কেইবাখনো গাঁও নিৰ্বাচিত কৰি বিশেষ কৰ্মসূচী গ্ৰহণ কৰা হৈছিল।

বিশেষকৈ কৃষিৰ আৰম্ভনিৰ পৰা খেতি চপোৱাৰলৈকে আৰু বজাৰ দলৰ পৰা মূল্য সংযোজিত উপাদানেৰে কৃষকৰ আয় কেইবাগুণ পৰ্যন্ত বৃদ্ধি কৰাত সফল হয় এই প্ৰকল্পৰ। সেয়ে প্ৰকল্পৰ মুখ্য তত্বাৱধায়ক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ কৃষি গৱেষণা সঞ্চালক আৰু পূৰ্বৰ তিতাবৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড: সঞ্জয় কুমাৰ চেতিয়াৰ সৈতে দলটোৱে কৃষিক্ষেত্ৰ পৰিদৰ্শন কৰি পৰ্যালোচনা কৰে। প্ৰকল্পৰ অধীনত ৰঞ্জিত চাব ১ আৰু বাহাদুৰ চাব ১ ৰ দৰে ধানৰ জাত উদ্ভাৱন আৰু জনপ্ৰিয়কৰণ কৰি অসমৰ কৃষি অৰ্থনীতিৰ ৰূপৰেখা সলনি কৰাৰ বাবে নৰৱেৰ দলটোৱে প্ৰকল্প সফল হোৱা বুলি প্ৰকাশ কৰাৰ লগতে লাৱণ্যৰ দৰে উচ্চ উৎপাদনক্ষম বেঙুনীয়া ধানৰ জাত উদ্ভাৱন কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত ভুমুকি মৰাত সন্তোষ প্ৰকাশ কৰে।

উল্লেখ্য যে নৰৱে চৰকাৰৰ পুঁজিৰে ৰূপায়িত জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা 'নিবিঅ' প্ৰকল্পৰ অধীনত জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধী ধানৰ জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ ৪০ শতাংশ মহিলাৰ অংশগ্ৰহণেৰে কৃষিক্ষেত্ৰত পুৰুষ মহিলাৰ অংশগ্ৰহণৰ সমতা ৰক্ষাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিৰোধী প্ৰযুক্তি উদ্ভাৱন, সমন্বিত ৰোগ প্ৰতিৰোধী ব্যৱস্থাপনা, সমন্বিত পাম পদ্ধতি, ক্ষেত্ৰ ভিত্তিক পৰিপুষ্টি ব্যৱস্থাপনাৰ লগতে গাওঁ জ্ঞান কেন্দ্ৰ, কৃষি সজুঁলি যান্ত্ৰিক ব্যৱস্থাপনা কেন্দ্ৰ স্থাপন কৰে। দুদিনীয়া এই পৰ্যবেক্ষণত নৰৱেৰ দলটোৱে এইসমূহ কাৰ্যসূচী পৰ্যবেক্ষণ কৰে।

এই পৰিদৰ্শনত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়াৰ লগতে তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ডঃ ফুলেশ্বৰ নাথ, বিজ্ঞানী ড: মিলন জ্যোতি কোঁৱৰ, বিজ্ঞানী ড: পৰিন্দা বৰুৱা, প্ৰকল্প সহযোগী ,মাধুৰ্য খনিকৰ, প্ৰাপ্তি বৰা,কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰতিনিধি, কৃষি বিভাগৰ প্ৰতিনিধি, বীজ প্ৰমাণিকৰণ এজেন্সীৰ প্ৰতিনিধি, দিখৌমুখ কলেজৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।আনহাতে পৰ্যবেক্ষণৰ সামৰণিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভা গৃহত এক পৰ্যালোচনাতো মিলিত হয় প্ৰতিনিধিসকল। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাৰ সঞ্চালনাত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে আত ধৰা এই অনুষ্ঠানত কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়া, কৃষি বিজ্ঞান গুৰু ড: প্ৰসন্ন কুমাৰ পাঠক, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড: অনুপ কুমাৰ দাস,সামুহিক বিজ্ঞান গুৰু ড: মামণি দাস, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: মনোৰঞ্জন নেওগ,ডিবিটি ডাইৰেক্টৰ ড: বিদ্যুৎ কুমাৰ শৰ্মাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰব্বী অধ্যাপক সকল উপস্থিত থাকে।